ETV Bharat / state

সময়সীমা সমাপ্ত: কি হ'ব অপহৃতৰ ? - আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা

কুইপ' তৈল কোম্পানীত কৰ্মৰত দুই কৰ্মচাৰী ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিৰ বাবে আলফা স্বাধীনে ধাৰ্য কৰা দিন ইতিমধ্যে উকলি গৈছে । আলফাৰ তৰফৰ পৰা যোৱা ২৭ জানুৱাৰীত প্ৰচাৰ সচিব ৰুমেল অসম স্বাক্ষৰিত এক পত্ৰত অন্তিম সময়সীমা প্ৰদান কৰা হৈছিল ।

ulfa-i-abduction-case-deadline-ends-for-the-hostages
উকলি গ'ল আলফা স্বাধীনে বান্ধি দিয়া সময়সীমাঃ কি হ'ব অপহৃতৰ ?
author img

By

Published : Feb 17, 2021, 1:25 PM IST

শিৱসাগৰ,17 ফেব্ৰুৱাৰী: অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনত থকা কুইপ' তৈল কোম্পানীত কৰ্মৰত দুই কৰ্মচাৰী ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিৰ বাবে আলফা স্বাধীনে ধাৰ্য কৰা দিন ইতিমধ্যে উকলি গৈছে । আলফাৰ তৰফৰ পৰা যোৱা ২৭ জানুৱাৰী তাৰিখে প্ৰচাৰ সচিব ৰুমেল অসম স্বাক্ষৰিত এক পত্ৰত বিষয়া দুগৰাকীৰ মুক্তিৰ অন্তিম সময়সীমা প্ৰদান কৰা হৈছিল । উক্ত বিবৃতিত আলফাই ১৬ ফেব্ৰুৱাৰীত মুক্তিপণ প্ৰদানৰ অন্তিম দিন বুলি ঘোষণা কৰি উক্ত দিনৰ ভিতৰত কুইপ’ কোম্পানীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে ১৭ ফেব্ৰুৱাৰীত ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি চৰম সকীয়নি প্ৰদান কৰিছিল ।

লগতে কুইপ’ কোম্পানীক অসমৰ লগতে পশ্চিম-দক্ষিণ পূৱ এছিয়াত আলফাই নিষিদ্ধ ঘোষণা কৰি এই কোম্পানীৰ লগত জড়িত থলুৱা লোক তথা প্ৰতিষ্ঠান সমূহক জীৱিকাৰ বিকল্প পথ বাচি ল’বলৈ আহ্বান জনাইছিল । উক্ত বিবৃতিত শোষণৰ স্বাৰ্থত অইল ইণ্ডিয়া কোম্পানীক তৈলক্ষেত্ৰসমূহ বিদেশী তথা থলুৱা কোম্পানীক প্ৰদান কৰাৰ প্ৰক্ৰিয়া তৎকালীনভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ লগতে ভাৰতীয় শোষণৰ সহযোগীৰূপে এই কোম্পানীসমূহক অভিহিত কৰি পৰৱৰ্তী সময়ত এনে কোম্পানীৰ বিৰুদ্ধে আলফাই বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি, ব্যৱস্থা গ্ৰহণৰ সময়ত থলুৱা নে বিদেশী অথবা কৰ্তব্যৰত হয় নে নহয় এইসমূহ বিবেচনা নকৰে বুলি স্পষ্ট কৰি দিছিল ।

মঙলবাৰে উক্ত সময় সীমা অতিক্ৰম কৰাৰ পাছতো কুইপ’ কোম্পানী আৰু অইল ইণ্ডিয়া লিমিটেডে দুই কৰ্মচাৰীৰ মুক্তিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শ‌ংকিত হৈ পৰিছে অপহৃতৰ পৰিয়াল । বৰ্তমানে আলফাৰ তৰফৰ পৰা কোনো সঁহাৰি নোপোৱা পৰিয়ালে কোনো আশ্বাস পোৱা নাই চৰকাৰ অথবা আৰক্ষী প্ৰশাসনৰ পৰা ।

অপহৃতৰ পৰিয়াল তথা বিভিন্ন দল-সংগঠনৰ আহ্বানৰ পাছতো আলফাই মুক্তিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সততে তীব্ৰ শংকাৰ সৃষ্টি হৈছে শিৱসাগৰ নগৰৰ প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালত । এতিয়া সকলোৱে নিৰ্ভৰ কৰিছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ওপৰত ।

লগতে পঢ়ক: কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ হুংকাৰ বিধায়ক আমিনুলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.