ETV Bharat / state

উজনিৰ একমাত্ৰ আৰ্চাৰীৰ ধনু নিৰ্মাণ কাৰখানাটো

author img

By

Published : Nov 22, 2019, 11:38 PM IST

২০১৩ চনতে ৰাজীৱ হাজৰিকাই প্ৰতিষ্ঠা কৰিছিল আৰ্চাৰী খেলৰ ধনু নিৰ্মাণ কৰা এই কাৰখানাটো ৷ উজনি অসমৰ একমাত্ৰ আৰ্চাৰীৰ প্ৰতিযোগিতাৰ বাবে ধনু বনোৱা কাৰখানা হিচাপে পৰিচিত এই কাৰখানাটোৰ পৰাই অন্ধ্ৰপ্ৰদেশ,উত্তৰপ্ৰদেশ,পঞ্জাৱ,চত্তীশগড়,ৰাজস্থান,হাৰিয়ানা,কেৰেলা,পুণে,দিল্লী কলিকতা আদি ৰাজ্যলৈ নিয়া হয় ধনু ৷

উজনিৰ একমাত্ৰ আৰ্চাৰীৰ ধনু নিৰ্মান কাৰখানাটো

আমগুৰি, 22 নৱেম্বৰঃ জয়ন্ত তালুকদাৰ,গহেলা বড়ো আদিৰ দৰে প্ৰসিদ্ধ ধনুৰ্বিদে ৰাষ্ট্ৰীয় পৰ্যায়ত অসম মাতৃৰ নাম উজলাই তোলাৰ সময়তেই শিৱসাগৰৰ দুই ভাতৃয়েও আৰ্চাৰীৰ জৰিয়তে লাভ কৰিছে সমাদৰ ৷ শিৱসাগৰৰ আইলামুখৰ নিৱাসী বুদ্ধেশ্বৰ হাজৰিকাৰ দুই পুত্ৰ ৰাজীৱ হাজৰিকা আৰু ৰাণা হাজৰিকাই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ যোগান ধৰি আহিছে আৰ্চাৰী খেলৰ বাবে প্ৰয়োজনীয় ব্যয়বহুল ধনু ৷ ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যলৈ আৰ্চাৰী খেলৰ ধনু যোগান ধৰি চৰ্চাৰ লগতে সমাদৰ লাভ কৰিছে দুয়োগৰাকী ভাতৃয়ে ৷

উজনিৰ একমাত্ৰ আৰ্চাৰীৰ ধনু নিৰ্মান কাৰখানাটো

উল্লেখ্য যে, ২০১৩ চনতে ৰাজীৱ হাজৰিকাই প্ৰতিষ্ঠা কৰিছিল আৰ্চাৰী খেলৰ ধনু নিৰ্মাণ কৰা এই কাৰখানাটো ৷ উজনি অসমৰ একমাত্ৰ আৰ্চাৰীৰ প্ৰতিযোগিতাৰ বাবে ধনু বনোৱা কাৰখানা হিচাপে পৰিচিত এই কাৰখানাটোৰ পৰাই অন্ধ্ৰপ্ৰদেশ,উত্তৰপ্ৰদেশ,পঞ্জাৱ,চত্তীশগড়,ৰাজস্থান,হাৰিয়ানা,কেৰেলা,পুণে,দিল্লী, কলকাতা আদি ৰাজ্যলৈ নিয়া হয় ধনু ৷

আনহাতে, ধনু নিৰ্মাণৰ বাবে প্ৰয়োজন হয় জাতি বাঁহ,বনবগৰী কাঠ আদি ৷ আনহাতে কাড়ৰ বাবে প্ৰয়োজনীয় বাঁহ আমদানি কৰা হয় মণিপুৰ, শ্বিলঙৰ পৰা ৷ এই কাৰখানাটোত নিয়োজিত হৈ আছে অঞ্চলটোৰ চাৰিজনকৈ শিক্ষিত নিৱনুৱা যুৱক ৷ আৰ্চাৰীৰ ধনু নিৰ্মাণ কৰি নিজৰ লগতে চাৰিজনকৈ যুৱকৰ বাবে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰা আইলামুখৰ দুই ভ্ৰাতৃ নৱপ্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শ ৷

Intro:Body:ষ্টৰী: উজনি অসমৰ একমাত্ৰ
আৰ্চাৰীৰ ধনু বনোৱা কাৰখানা
……………………………………………………………
আমগুৰি ২২ নৱেম্বৰ:

শিৱসাগৰ জিলাৰ আৰ্চাৰীৰ ধনু বনোৱা কুটীৰ শিল্পৰ লগত জড়িত দুই ভাতৃ

ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যলৈ আৰ্চাৰী খেলৰ ধনু যোগান ধৰি চৰ্চাৰ লগতে সমাদৰ লাভ কৰিছে এই ভাতৃদ্বয়ে

উজনি অসমৰ একমাত্ৰ ধনু বনোৱা এই কুটীৰ শিল্পীৰ পৰিয়ালটোৰপৰাই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ ৰপ্তানী কৰে আৰ্চাৰী খেলৰ বাবে প্ৰয়োজনীয় ধনু

উজনি অসমৰ একমাত্ৰ শ্ৰেষ্ঠ আৰ্চাৰীৰ ধনু বনোৱা এই কাৰখানাটো আছে শিৱসাগৰৰ মগৰাহাট আইলাহাবিত।

মগৰাহাট পঞ্চায়তৰ অন্তৰ্গত আইলামুখৰ নিবাসী বুদ্ধেশ্বৰ হাজৰিকাৰ দুই পুত্ৰ ৰাজীৱ হাজৰিকা আৰু ৰাণা হাজৰিকাই
২০১৩ চনৰপৰাই আৰ্চাৰী খেলৰ বাবে ধনু বনোৱা কাৰখানাটো চলায় আহিছে।

২০১০ চনৰপৰা আৰ্চাৰী খেল খেলা আইলামুখৰ সুদক্ষ খেলুৱৈ ৰাজীৱ হাজৰিকাই খেলবিধৰ বাবে প্ৰয়োজনীয় ধনুৰ অভাৱ অনুভৱ কৰাত ধনু বনোৱা কাৰখানা গঢ়ি তুলিবলৈ মনস্থ কৰে।

এইগৰাকী ৰাজীৱ হাজৰিকাৰ ধনুৰ কাৰখানাৰপৰাই সম্প্ৰতি অন্ধ্ৰপ্ৰদেশ, উত্তৰপ্ৰদেশ, পঞ্জাৱ, চত্তীশগড়, ৰাজস্থান, হাৰিয়ানা, কেৰেলা, পুনে, দিল্লী কলিকতা আদি ৰাজ্যলৈ ধনু সৰবৰাহ হৈ আহিছে।

উজনি অসমৰ একমাত্ৰ শ্ৰেষ্ঠ কাৰখানা হিচাপে বিৱেচিত হোৱা আৰ্চাৰীৰ ধনু বনোৱা কাৰখানাত চাৰিজনকৈ শিক্ষিত নিবনুৱা যুৱকো নিয়োজিত হৈ আছে।

উল্লেখ্য যে ধনু বনাবৰ কাৰণে জাতি বাহ, বনবগৰী কাঠ লাগে। কাড়ৰ কাৰণে প্ৰয়োজনীয় বাহ মণিপুৰ শ্বিলংৰ পৰা আনে। এনে বাহ বইল কৰি ৬/৭ মাহ শুকুৱাই ধনুৰ বাবে উপযুক্ত কৰি তোলে।

আৰ্চাৰীৰ ধনু বনায় স্বাৱলম্বী হৱা আইলামুখৰ দুই ভ্ৰাতৃ নৱপ্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ই টিভি ভাৰত অসমConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.