শিৱসাগৰ,13মাৰ্চ: নিৰ্বাচন আৰু ক'ভিড ১৯ৰ চেঁপা আতংকৰ মাজতে অনুষ্ঠিত হোৱা শিৱৰাত্ৰী উৎসৱৰ আজি অন্ত পৰিব । ১৭৩৪ খ্ৰীষ্টাব্দত আহোম শাসনৰ দিনত নিৰ্মাণ কৰা শিৱ দ'লত বহু যুগৰ পৰাই নিৰৱিচ্ছিন্ন ভাৱে দৈনিক পূজা-অৰ্চনা চলি আহিছে ৷ অতীজৰে পৰা শিৱসাগৰৰ শিৱ দ'লত মহাশিৱৰাত্ৰীৰ সময়ত ভক্তৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় ।
এইবাৰো চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱৰূপে উদযাপন কৰা শিৱ দ'লৰ এই শিৱৰাত্ৰী উৎসৱত লাখ লাখ লোকৰ সমাগম হয় । শিৱ বাবাৰ আগত সেৱা লোৱাৰ লগতে দ'লটোৰ চাৰিও দিশে বহা মেলাখনো ৰাইজৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে । এইবাৰ অসমৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন স্থানৰ পৰা ব্যৱসায়ী সকলে আহি এই মেলাত অংশগ্ৰহণ কৰে । প্ৰায় ৭০০ খন বিপনীৰে ভৰি পৰে এইবাৰৰ শিৱদ'লৰ মেলা ৷ বিভিন্ন সা-সামগ্ৰীৰে ভৰি পৰা এই মেলাত ঘৰুৱা ব্যৱহৃত সামগ্ৰী, সাজ-সজ্জাৰ সামগ্ৰী, কাঠৰ আচৱাব,ফুল,বেগ,চামৰাৰ সামগ্ৰী আদিকে ধৰি বিভিন্ন সামগ্ৰী উপলব্ধ হয় ৷ এই সামগ্ৰী সমূহৰ প্ৰতি ৰাইজৰ আকৰ্ষণৰ বাবে শিৱদ'লত সৃষ্টি হয় ব্যাপক ভিৰ । আজি বিয়লি ৩ বজাত আনুষ্ঠানিক ভাৱে অন্ত পৰিব এইবাৰৰ চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱৰ ।
অন্য এক খবৰৰ বাবে: বিধায়ক প্ৰদীপ হাজৰিকাক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ