ETV Bharat / state

শিৱসাগৰত চিলনী চোৰৰ সন্ত্ৰাস

author img

By

Published : Sep 15, 2020, 6:45 PM IST

শিৱসাগৰ নগৰত চলন্ত মটৰ চাইকেলৰ পৰা এক লাখ টকা থপিয়াই নিলে চিলনী চোৰে ৷ শিৱসাগৰ নগৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাত ব্যথ ৷

Theft in Sivasagar
শিৱসাগৰত চিলনী চোৰৰ সন্ত্ৰাস

শিৱসাগৰ, 15 ছেপ্তেম্বৰঃ শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দলমুখ চাৰিআলিৰ সমীপৰ পৰাই চলন্ত মটৰ চাইকেল আৰোহীৰ পৰা এক লাখ টকা থপিয়াই নিয়ে চিলনী চোৰে । উল্লেখযোগ্য যে, শিৱসাগৰ ছোৱালী মাদ্ৰাছাৰ সম্পাদক তথা শিক্ষক আবেদ উল্লাই দিনৰ ১২ বাজি ৩০ মিনিটত ইণ্ডিয়ান বেংকৰ পৰা মাদ্ৰাছা খনৰ জমা ধন এক লাখ টকা উলিয়াই। ধন খিনি এটা বেগত ৰাখি নিজৰ মটৰচাইকেল খনৰ হেণ্ডেলত ওলমাই আহি থকাৰ সময়তে শিৱসাগৰ দলমুখ চাৰি আলিৰ সমীপৰ বাবা মাৰ্কেটৰ সন্মুখত বিপৰীত দিশৰ পৰা মটৰ চাইকেলত অহা দুজনীয়া চিলনী চোৰে চলন্ত অৱস্থাত থকা শিক্ষকজনৰ মটৰ চাইকেলৰ হেণ্ডেলৰ পৰাই ধন খিনি থপিয়াই লৈ যায় ।

শিৱসাগৰত চিলনী চোৰৰ সন্ত্ৰাস

ইপিনে আৰক্ষীৰ প্ৰাথমিক তদন্তত বেংকৰ চি চি কেমেৰাৰ ভিডিঅ' প্ৰত্যক্ষ কৰি শিক্ষকজনে বেংকৰ পৰা ধন উলিওৱাৰ সময়ৰ পৰাই দুজন ব্যক্তিয়ে তেওঁক নিৰীক্ষণ কৰি থকাৰ তথ্য পোহৰলৈ আহিছে । অৱশ্যে বিগত সময়তো এনে ঘটনাৰ পাছত চি চি টিভিৰ দৃশ্য আৰক্ষীয়ে লাভ কৰে যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ৷ উল্লেখযোগ্য যে, যোৱা কিছুদিন ধৰি শিৱসাগৰ নগৰত চিলনী চোৰৰ সন্ত্ৰাস বৃদ্ধি পাবলৈ ধৰিছে । এই ক্ষেত্ৰত শিৱসাগৰ নগৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি বাৰম্বাৰ বিফলতাৰহে পৰিচয় দাঙি ধৰাত জনসাধাৰণ উদ্বিগ্ন হৈ পৰিছে ।

লগতে পঢ়কঃ মীৰুটত দেহ ব্যৱসায়ত জড়িত মহিলা গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.