ETV Bharat / state

জাপানীজ এনকেফেলাইটিছক লৈ সজাগ শিৱসাগৰ জিলা প্ৰশাসন

author img

By

Published : Apr 21, 2020, 5:38 PM IST

কোভিড-19ত আতংকৰ মাজতে শিৱসাগৰত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰাক লৈ শিৱসাগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰে এখন টাস্ক ফ’ৰ্চ সভা ৷ বিভিন্ন বিভাগৰ সন্মিলিত টাস্ক ফ’ৰ্চ সভাখনত জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বুজ লোৱা হয় ৷

জাপানীজ এনকেফেলাইটিছক লৈ সজাগ শিৱসাগৰ জিলা প্ৰশাসন
জাপানীজ এনকেফেলাইটিছক লৈ সজাগ শিৱসাগৰ জিলা প্ৰশাসন

শিৱসাগৰ, 21 এপ্ৰিল : উজনি অসমৰ লগতে শিৱসাগৰ জিলাতো জাপানীজ এনকেফেলাইটিছে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে । জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে অধিক তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন।

ইতিমধ্যে জিলা মেলেৰিয়া বিভাগে প্ৰথম জিলাখনৰ ৯ টা স্বাস্থ্য খণ্ডত ফগিং সম্পন্ন কৰিছে । শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কৰ'ণা ভাইৰাছ ৰোগ নিৰ্মূলৰ বাবে চিকিৎসা কেন্দ্ৰ গঢ়ি তোলা হৈছে যদিও এনকেফেলাইটিছ ৰোগৰ বাবেও ৫ খন বিচনাযুক্ত এক বিশেষ ৱাৰ্ড সাজু কৰা হৈছে । আগন্তুক দিনত জিলাখনত এনকেফেলাইটিছ কিদৰে প্ৰতিহত কৰিব পাৰি তাৰ বাবে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে এখন টাস্ক ফ’ৰ্চ সভা অনুস্থিত হয়। জিলা স্বাস্থ্য বিভাগ,জনস্বাস্থ্য কাৰিকৰী বিভাগ,সমাজ কল্যাণ,ফিচাৰী,কৃষি,চাহ কল্যাণ আদি বিভিন্ন বিভাগৰ সন্মিলিত টাস্ক ফ’ৰ্চ সভাত জিলা প্ৰশাসনে পোনপটীয়াকৈ জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বুজ লয় ।

আনহাতে স্বাস্থ্য বিভাগে এনকেফেলাইটিছত আক্ৰান্ত লোকক ১০৮ এম্বুলেঞ্চৰ দ্বাৰা চিকিৎসালয়লৈ যাবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : পদযাত্ৰা কৰি ঘৰলৈ ওভতা শ্ৰমিকক আগভেটা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.