ETV Bharat / state

কি উদ্দেশ্যে গেৰুৱা বসন পিন্ধিলে সুশান্ত বৰগোঁহায়ে ? - উপনিৰ্বাচন

কিয় কংগ্ৰেছ দল এৰি বিজেপি দলত যোগ দিলে সুশান্ত বৰগোঁহায়ে ? এই প্ৰশ্ন উত্তৰ দিলে খোদ নেতাগৰাকীয়ে ৷ ব্যক্তিগত স্বাৰ্থ জলাঞ্জলি দি ৰাইজৰ স্বাৰ্থত বিজেপি গমণ সুশান্তৰ, থাওৰা সমষ্টিৰ উন্নয়নৰ বাবে গেৰুৱা হ'ল বুলি মন্তব্য বৰগোঁহাইৰ ৷ বিশ্বাসঘাতকৰ ব্যাখ্যা দিও ​আত্মপক্ষ সমৰ্থন কৰিলে সুশান্ত বৰগোঁহায়ে ৷

sushant-borgohains-reaction-on-joinning-bjp-leaving-behind-his-old-ideology
ব্যক্তিগত স্বাৰ্থ জলাঞ্জলি দি ৰাইজৰ স্বাৰ্থত হে গেৰুৱা বসন পিন্ধিলে সুশান্ত বৰগোঁহাইয়ে
author img

By

Published : Oct 8, 2021, 7:51 PM IST

থাওৰা, 8 অক্টোবৰ : কিয় কংগ্ৰেছ দল এৰি বিজেপিলৈ গ’ল সুশান্ত বৰগোঁহাই ? কি কি কাৰকে বিগত বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ থাওৰা সমষ্টিত জয়ী হোৱাৰ পাছতো বিধায়কৰ পদ এৰি বিজেপিলৈ গ’ল প্ৰাক্তন কংগ্ৰেছ নেতা সুশান্ত বৰগোঁহাই ? শিৱসাগৰত উপ-নিৰ্বাচনৰ মনোনয়ন দাখিল কৰিবলৈ গৈ সুশান্তই সদৰী কৰিলে দল ত্যাগৰ আত্মগাঁথা । কেৱল থাওৰা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত হেনো কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপি দললৈ গমন কৰিলে ।

ব্যক্তিগত স্বাৰ্থ জলাঞ্জলি দি ৰাইজৰ স্বাৰ্থত হে গেৰুৱা বসন পিন্ধিলে সুশান্ত বৰগোঁহাইয়ে

তেওঁৰ বিজেপি গমনক লৈ বিৰোধীয়ে বিশ্বাসঘাতক-ডলাৰ বগৰী আদি আখ্যা দিছে যদিও ন-বিজেপি নেতা গৰাকীয়ে যুক্তি দিলে যে তেওঁ সেইবোৰ একোৱেই নহয় । বিশ্বাসঘাতকতা কাক কয় সেই বিশেষণৰ ব্যাখ্যা দাঙি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে, সমষ্টিৰ ৰাইজ আৰু উন্নয়নৰ স্বাৰ্থ লৈ তেওঁ বিজেপি দললৈ গমন কৰিছে । এই উপ-নিৰ্বাচনে চৰকাৰৰ ওপৰত অথবা বিজেপি দলৰ ওপৰত কোনো প্ৰভাৱ নেপেলাই কিন্তু থাওৰা সমষ্টিৰ উন্নয়নৰ ওপৰত প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰে ।

এইবাৰ যদি ৰাইজে বিজেপি দলৰ সপক্ষে নাথাকে তেন্তে থাওৰা সমষ্টিৰ উন্নয়ন ৰোধ হৈ যাব বুলিও মন্তব্য কৰে তেওঁ । ২০১১ চনত কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত বিধায়ক হৈ থাকোতে দলীয় খেলিমেলিৰ বাবে সমষ্টিৰ উন্নয়নত গতি দিব নোৱাৰিলে বুলিও স্বীকাৰ কৰে তেওঁ ।

কিন্তু এইবেলি ব্যক্তিগত স্বাৰ্থতকৈ থাওৰা সমষ্টিৰ ৰাইজৰ স্বাৰ্থত বিজেপি দললৈ যোৱা বুলি বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে স্পষ্ট কৰে ।ব্যক্তিগত স্বাৰ্থত কৈ ৰাজহুৱা স্বাৰ্থক গুৰুত্ব প্ৰদান কৰি নেতাগৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰা বুলিও সদৰী কৰে । মুঠৰ ওপৰত মহান ৰাজনৈতিক নেতাৰ পৰিচয় দি ৰাইজৰ স্বাৰ্থত 21 চনৰ নিৰ্বাচনত বিজয়ী হোৱাৰ মাত্ৰ কেইদিন মানৰ পিছতে বিজেপি দললৈ গৈ ৰাইজৰ সেৱাৰ কথা কোৱা এইগৰাকী নেতাক থাওৰা সমষ্টিৰ ৰাইজে কিদৰে আঁকোৱালি লয় আগন্তুক নিৰ্বাচনত সেইয়া হ'ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক : সুশান্ত বৰগোঁহাইৰ মনোনয়ন দাখিল : ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.