ETV Bharat / state

বিশেষভাৱে সক্ষম সনাতনৰ সাফল্যৰ ধাৰা অব্যাহত - লক্ষ্নৌ ভাতখাণ্ডে

বিশেষ সক্ষমতা কেতিয়াও শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে- এই কথা প্ৰমাণ কৰিলে শিৱসাগৰৰ সনাতন নামৰ মেধাৱী ছাত্ৰগৰাকীয়ে ৷ সাপেখাতীৰ ছাত্ৰগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে সাধাৰণ গণিতত লাভ কৰে লেটাৰ নম্বৰ ৷

Success story of a blind student sivsagar assam etv bharat news
সনাতনৰ সাফল্যৰ ধাৰা
author img

By

Published : Jun 8, 2020, 12:50 PM IST

শিৱসাগৰ,8 জুন: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ কেইবাগৰাকীয়ো বিশেষভাৱে সক্ষম ছাত্ৰই পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ৷ শিৱসাগৰৰ চৰাইদেউৰ অন্তৰ্গত সাপেখাতীৰ সৰুপথাৰ গাঁৱৰ মিনেশ্বৰ গগৈ আৰু কনকলতা গগৈৰ কনিষ্ঠ পুত্ৰ সনাতন গগৈ বিশেষভাৱে সক্ষম হোৱা স্বত্বেও এইবেলি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ পৰা গণিত বিষয়ত লেটাৰ মাৰ্কসহ ৬৩ শতাংশ নম্বৰ লাভেৰে উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত ৷ মেধাৱী ছাত্ৰ সনাতন লক্ষ্ণৌ ভাতখাণ্ডে শাস্ত্ৰীয় সংগীতৰ বিশাৰদ উত্তীৰ্ণ এগৰাকী ছাত্ৰ ৷

সনাতনৰ সাফল্যৰ ধাৰা

আজৰি পৰত ছাত্ৰগৰাকীয়ে বাঁহী, সুতুলি, গগণা, পেঁপা আদি বাদ্য তৈয়াৰ কৰাৰ উপৰিও সুন্দৰকৈ টোকাৰী, গীটাৰ আদিকে ধৰি সকলো ধৰণৰ লোকবাদ্য বজাব পাৰে ৷ গীত গুণগুণাই ভাল পোৱা সনাতনে ভৱিষ্যতে ভাল সংগীতজ্ঞ হোৱাৰ সপোন দেখাৰ কথা ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত ৷ বিশেষভাৱে সক্ষম এই যুৱকগৰাকীৰ প্ৰতি যদি স্থানীয় জন প্ৰতিনিধি নাইবা অন্য কোনো সদাশয় লোকে সহায়ৰ হাত আগবঢ়াই তেন্তে ছাত্ৰ গৰাকী উপকৃত হ’ব ৷

লগতে চাওকঃ অনৈতিক কাৰ্যকলাপক কেন্দ্ৰ কৰি আমিনগাঁৱত উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.