ETV Bharat / state

NEET পৰীক্ষাত শিৱসাগৰৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ সফলতা

সর্বভাৰতীয় পর্যায়ৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'ল শিৱসাগৰস্থিত Potential and Concept Educationৰ শিক্ষাৰ্থী । NEET পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছ ৬০০ৰো অধিক নম্বৰ । ৮০ গৰাকীৰাে অধিক ছাত্র-ছাত্রীয়ে ৫৫০ৰো অধিক নম্বৰ লাভ কৰিছে NEET পৰীক্ষাত ।

author img

By

Published : Nov 22, 2021, 8:49 PM IST

Students of Potential and Concept Education succesfully cracks NEET
NEET পৰীক্ষাত শিৱসাগৰৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ সফলতা

শিৱসাগৰ, ২২ নৱেম্বৰ: চলিত মাহৰ ১ তাৰিখে ঘোষণা কৰা NEET পৰীক্ষাৰ ফলাফলে আনন্দিত কৰি তুলিছে শিৱসাগৰস্থিত Potential and Concept Educationৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুষ্ঠান কৰ্তৃপক্ষক । কিয়নো, শিক্ষানুষ্ঠানখনৰ পৰা NEET পৰীক্ষাত অৱতীৰ্ণ হোৱা অধিকাংশ শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । প্রতি বছৰৰ দৰে এইবাৰো শিক্ষানুষ্ঠানখনে সমগ্ৰ উত্তৰ-পূৱৰ ভিতৰতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় । JEE Advancedৰ ছাত্ৰী দিপীত পাটোৱাৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনে ।

Potential and Concept Educationৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে ৬০০ৰো অধিক নম্বৰ । ৮০ গৰাকীৰাে অধিক ছাত্র-ছাত্রীয়ে NEET পৰীক্ষাত ৫৫০ৰো অধিক নম্বৰ লাভ কৰিছে । মহম্মদ মৃদুল আমিনে সৰ্বমুঠ ৬৫৮ নম্বৰ, ধীম বুজৰবৰুৱাই ৬৫১, অনুৰাগ ঝাই ৬৮২, অৰিন্দম শর্মাই ৬৮০, অংশুমালী শৰ্মাই ৬৩৫, জীচান তৌফিকে ৬৩৩, হৃষিকেশ সাহাই ৬৩০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । শিক্ষানুষ্ঠানখনৰ পৰিচালন সঞ্চালকে বিকাশ ছিচ'ড়িয়াই প্ৰকাশ কৰে যে, ২০০ গৰাকীৰাে অধিক ছাত্র-ছাত্রীয়ে এইবেলি অসমৰ চৰকাৰী মেডিকেল কলেজত MBBS পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ সক্ষম হ'ব ।

শিক্ষানুষ্ঠান কর্তৃপক্ষই জনায় যে, তেওঁলােকে ভৱিষ্যতেও উত্তৰ-পূৱৰ ছাত্র-ছাত্ৰীক সর্বভাৰতীয় পর্যায়ত সফলতাৰে উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত এনেদৰে সহায় কৰি যাব । কৰ্তৃপক্ষৰ মতে, এই ফলাফল কেৱল তেওঁলােকৰ বাবেই গৌৰৱৰ বিষয় নহয়, সমগ্ৰ অসমবাসীৰ বাবে এয়া গৌৰৱৰ কথা ।

কৰ'ণা মহামাৰীৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট প্রত্যহ্বানৰ সন্মুখীন হৈছিল যদিও এই প্রত্যহ্বানক নেওচি শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীয়ে চেষ্টা অব্যাহত ৰাখিছিল । লগতে শিক্ষানুষ্ঠান কৰ্তৃপক্ষয়ো তেওঁলোকক সৰ্বতোপ্ৰকাৰৰ সমৰ্থন আগবঢ়াইছিল । সেয়ে, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কষ্ট সাৰ্থক হৈছে বুলি মন্তব্য কৰে পৰিচালন সঞ্চালকগৰাকীয়ে ।

লগতে পঢ়ক:Umling La Pass : গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.