ETV Bharat / state

বিস্ময়কৰ গছ বাখৰ বেঙেনা,পৰিক্ৰমা 600 বছৰৰ - আহোম স্বৰ্গদেউ

শুনিবলৈ আচৰিত হ'লেও সত্য আশ্বৰ্যজনক আৰু আপুৰুগীয়া গছ জোপাৰ বয়স ৬০০ বছৰ।একাংশৰ মতে বৰাহী ৰজা মহামাণিক্যৰ দিনত চীন দেশৰ পৰা অনা এই বিশেষ পুলি ৰোপণ কৰা হৈছিল।আকৌ আন একাংশৰ মতে আহোম স্বৰ্গদেউ চুহুংমুংৰ দিনত চুতীয়া সকলক পৰাজিত কৰাৰ পাছত চুতীয়া সকলে কৰা সন্ধিত প্ৰদান কৰা বহু সামগ্ৰীৰ লগত এই গছজোপা প্ৰদান কৰা হৈছিল।প্ৰবাদ আছে, এই গছ থকালৈহে থাকিব চুতীয়া জাতি ।

Story of Assam's Historical tree Bakhor Bengena
বিস্ময়কৰ গছ বাখৰ বেঙেনা,600 বছৰীয়া পৰিক্ৰমা
author img

By

Published : May 18, 2020, 6:21 PM IST

শিৱসাগৰ,18মে':বিশ্বৰ ভিতৰতে আপুৰুগীয়া আৰু দুষ্প্ৰাপ্য এজোপা গছ ৷ তগৰ গছৰ ফুলৰ দৰে পিচলা পাত,খহটা গছৰ ছাল আৰু আংশিক কাঁইটীয়া।বগা ফুলৰ মাজত আছে সোণালী গদাযুক্ত ৰঙচঙীয়া আঁকবাক। শিৱসাগৰ জিলাৰ বকতা মৌজাৰ জৱলাটিং আৰু চুহুংমুং গাঁৱৰ মাজত অৱস্থিত এই গছজোপাৰ নাম বাখৰ বেঙেনা৷অসমত সচৰাচৰ উৎপন্ন হোৱা গুল্ম জাতীয় গছৰ দৰেই গছজোপা ।শুনিবলৈ আচৰিত হ'লেও সত্য আশ্বৰ্যজনক আৰু আপুৰুগীয়া এই গছ জোপাৰ বয়স ৬০০ বছৰ।600 বছৰেই বংশবৃদ্ধি নোহোৱাকৈ আছে গছজোপা ৷ উল্লেখযোগ্য যে, ২০১৪ চনত লক্ষ্ণৌৰ বীৰবল চাহানী ইনষ্টিটিউট অৱ পেলিঅ'বটানিয়ে বাখৰ বেঙেনা গছৰ বয়স ৫৮০ বছৰ বুলি প্ৰমাণ কৰিছিল।

বিস্ময়কৰ গছ বাখৰ বেঙেনা,পৰিক্ৰমা 600 বছৰৰ

গুটিৰ পৰা পুলি নধৰা,ডালৰ পৰা পোখা নেমেলা বিশেষ বৈশিষ্ট্যৰ এই গছজোপাৰ ঐতিহাসিক ইতিবৃত্ত এতিয়ালৈকে কোনো জ্ঞাত নোহোৱাৰ লগতে কোনে কেতিয়া এইজোপা বিৰল গছ ৰোপণ কৰিছিল সেই বিষয়েও ইতিহাসত লিখা নাই৷ কিন্তু একাংশৰ মতে বৰাহী ৰজা মহামাণিক্যৰ দিনত চীন দেশৰ পৰা অনা এই বিশেষ পুলি ৰোপণ কৰা হৈছিল।আকৌ আন একাংশৰ মতে আহোম স্বৰ্গদেউ চুহুংমুংৰ দিনত চুতীয়া সকলক পৰাজিত কৰাৰ পাছত চুতীয়া সকলে কৰা সন্ধিত প্ৰদান কৰা বহু সামগ্ৰীৰ লগত এই গছজোপা প্ৰদান কৰা হৈছিল।প্ৰবাদ আছে, এই গছ থকালৈহে থাকিব চুতীয়া জাতি

Story of Assam's Historical tree Bakhor Bengena
বিস্ময়কৰ গছ বাখৰ বেঙেনা,600 বছৰীয়া পৰিক্ৰমা

বিশ্বৰ ভিতৰতে আপুৰুগীয়া আৰু দুষ্প্ৰাপ্য তথা বংশবৃদ্ধি নোহোৱা কথাটোও বৈজ্ঞানিক ভাৱে প্ৰমানিত হোৱা এই গছজোপাক লৈ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা বুলি ভাবিব পাৰি৷ এই বিৰল গছজোপাৰ ৰক্ষণাবেক্ষন আৰু নিৰাপত্তাৰ কাৰণে 1996 চনতে এখন সমিতি গঠন কৰা হৈছিল৷যিখন কমিটি বৰ্তমানেও বৰ্তি আছে ৷ইয়াৰ উপৰি প্ৰচুৰ পৰিমাণে পৰ্যটনৰ সম্ভাৱনা থকা এই গছজোপাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও সেইয়া যথেষ্ট নহয় বুলি মন্তব্য সমিতিৰ বিষয়ববীয়াৰ ৷

600 বছৰেই বংশবৃদ্ধি নোহোৱাকৈ আছে গছজোপা

আহোম, বৰাহী, বৃটিছ তথা নৰেন্দ্ৰ মোডী পৰ্যন্ত সকলো শাসনৰ সাক্ষী এই আপুৰুগীয়া আৰু দুষ্প্ৰাপ্য বাখৰ বেঙেনা গছজোপাৰ সংৰক্ষণৰ লগতে প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত চৰকাৰে লওঁক বিশেষ ব্যৱস্থা ৷অন্যথা জনমানসৰ পৰা লুকাই পৰিব অলৌকিক এই বাখৰ বেঙেনা

লগতে পঢ়কঃবিজেপিৰ বিধায়কৰ 'পাৰ্ফৰ্মেন্স' মূল্যায়ণৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সভাপতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.