ETV Bharat / state

Handloom vs Powerloom : যুঁজত নামিছে অসমীয়া শিপিনী - Pahi Textiles

অসমীয়া শিপিনীয়ে আৰম্ভ কৰিছে স্বাভিমানৰ যুঁজ ৷ হেণ্ডলুম বনাম পাৱাৰলুম(Handloom vs Powerloom)ৰ যুঁজত শেষ হৈ গৈছে বহু শিপিনী(Assamese Weaver) ৷ অসম চৰকাৰে অসমীয়া শিপিনীক ৰক্ষা নকৰিলে নিঃশেষ হৈ যাব নেকি অসমীয়াৰ পৰম্পৰাগত বস্ত্ৰ উদ্যোগ !

Handloom vs Powerloom
যুঁজত নামিছে অসমীয়া শিপিনী
author img

By

Published : Dec 9, 2021, 8:51 PM IST

শিৱসাগৰ, 9 ডিচেম্বৰ : অসমৰ গ্ৰাম্যাঞ্চলৰ সকলো জীয়ৰী-বোৱাৰী একো একোগৰাকী নিপুন শিপিনী । অসমীয়াৰ হাতে বোৱা কাপোৰৰ মান দেখি মহাত্মা গান্ধীয়েও অসমীয়া জীয়ৰী-বোৱাৰীৰ কৰিছিল ভূয়সী প্ৰশংসা । এসময়ত কাপোৰ ব’ব নজনা ছোৱালীক 'অকাজী' আখ্যা দিছিল । সময়ৰ সলনি হৈ অহাৰ লগে লগে এসময়ৰ ঘৰৰ অলংকাৰ তাঁতশালখন এতিয়া নিস্তেজ হৈ পৰি ৰৈছে । কিন্তু পুনৰ একাংশ উদ্যোগী লোকৰ প্ৰচেষ্টাত শিপিনীৰ হাতৰ পৰশত যেন প্ৰাণ পাই উঠিছে তাঁতশালে । এতিয়াৰ শালখনে কেৱল চেনাইলৈকে গামোচা ব’বলৈ চঞ্চলা হৈ নপৰে । স্বাৱলম্বীতাৰ বাবে এতিয়া বহু মহিলাৰ সাৰথি এই শালখন ।

Handloom vs Powerloom
যুঁজত নামিছে অসমীয়া শিপিনী

শিৱসাগৰ নগৰৰ আমোলাপট্টিৰ শ‌ংকৰদেৱ নগৰত এগৰাকী উদ্যোগী মহিলাৰ নেতৃত্বত 'পাহি টেক্সটাইল'(Pahi Textiles) নামেৰে গঢ় লৈ উঠিছে এটি ক্ষুদ্ৰ উদ্যোগ । বহু মহিলাক সংস্থাপন দিয়া এই প্ৰয়াসৰ আঁৰত আছে বন্দনা কৌশিক বৰদলৈ নামৰ এগৰাকী উদ্যোগী মহিলা । ক'ৰণা কালৰ আগে আগে ২০২০ চনত এই উদ্যোগটো আৰম্ভ কৰি বহু বিপৰ্যয়ৰ সন্মুখীন হৈছিল বন্দনা । কিন্তু লকডাউন, অৰ্থনৈতিক মন্দাৱস্থা আদি সকলোৰে বিৰুদ্ধে যুঁজ দি এতিয়া বহু মহিলাক স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে 'পাহি টেক্সটাইল' । গামোচা, চাদৰ-মেখেলা আদি পৰম্পৰাগত সাজ-পোচাক তাঁতশালত বৈ বহি থকা নাই বন্দনা এণ্ড কোম্পানী । তেওঁলোকে চাহিদাৰ তাগিদাত শাৰী, পৰ্দা, কুচন ক’ভাৰ, বিচনা চাদৰ আদি বিভিন্ন থলুৱা আৰু আধুনিক সাঁচত বৈ আগবঢ়াই দিছে ৰাইজৰ মাজলৈ ।

যুঁজত নামিছে অসমীয়া শিপিনী

বৰ্তমান আধুনিক যন্ত্ৰ-পাতিৰে জাকজমকীয়া বিভিন্ন প্ৰকাৰৰ কাপোৰ কম দামত বজাৰত দিব পৰা হোৱাত হাতে বোৱা কাপোৰক লৈ এতিয়া বহু শিপিনী বিপৰ্যয়ৰ মুখত পৰিবলগীয়া হৈছে । ফলত শিপিনীসকল আৰ্থিক দিশত বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে । বেনাৰস, চেন্নাই আদি ঠাইৰ পৰা ভেজাল আৰু মিশ্ৰিত সূঁতাৰে পাৱাৰলুমত উৎপাদন কৰা কাপোৰেৰে ভৰি পৰিছে বজাৰ । কম দামত উপলব্ধ হোৱা এইসমূহ কাপোৰৰ ফলত সংকটত পৰিছে থলুৱা উৎপাদনকাৰীসকল । আয়ৰ পৰা বঞ্চিত হৈছে অসমীয়া শিপিনীসকল ।

১৯৮৫ চনৰ টেক্সটাইল আইন অনুসৰি অসমীয়া পৰম্পৰাগত সাজ-পোচাক পাৱাৰলুমত উৎপাদন কৰাত আছে নিষেধাজ্ঞা । কিন্তু অসমৰ বস্ত্ৰতাঁত হস্তশিল্প বিভাগৰ গাফিলতিৰ বাবে বাহিৰৰ পৰা অহা পাৱাৰলুম সামগ্ৰীয়ে এতিয়া অসমৰ বজাৰ ভৰি পৰিছে । অসমীয়া শিপিনীসকলৰ কথা চিন্তা কৰি অসম চৰকাৰৰ বস্ত্ৰতাঁত হস্তশিল্প বিভাগে যদি বাহিৰৰ পৰা অহা পাৱাৰলুম উৎপাদিত সামগ্ৰীত বাধা-নিষেধ আৰোপ কৰে, তেতিয়াহে অসমীয়া শিপিনীয়ে নিজৰ উৎপাদিত সামগ্ৰীয়ে দখল কৰিব পাৰিব বজাৰ ।

অসমত পাহি টেক্সটাইলৰ দৰে আছে বহু ক্ষুদ্ৰ উদ্যোগ । কিন্তু এইসমূহে এতিয়া যুঁজ দিব লগা হৈছে বহিৰাগত পাৱাৰলুম উৎপাদন(Assamese Weaver fight Handloom vs Powerloom)ৰ সৈতে । বন্ধ হৈ পৰিছে বহুতৰ আয়ৰ পথ ৷ এনে যুঁজত হাৰ মানি বহু নিপুন শিপিনী হেৰাই গৈছে কালৰ সোঁতত । এই শিপিনীসকলক বহিৰাগত ভেজাল উৎপাদনৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব অসম চৰকাৰে এতিয়া কেনেদৰে গ্ৰহণ কৰে সেয়াহে হ’ব মনকৰিবলগীয়া ৷

লগতে পঢ়ক : আকৌ ঋণ ! বিত্তীয় বৰ্ষ আৰম্ভ নৌহওঁতেই নাবাৰ্ডৰ পৰা ৩৬ হাজাৰ কোটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.