ETV Bharat / state

চৰাইদেউত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ - উন্নয়নশীল অৰ্থনৈতিক ব্যৱস্থা

ক'ভিডৰ জটিল পৰিস্থিতিৰ মাজতে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ প্ৰতিবাদ ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ অভিযোগ নিৰ্ধাৰিত নূন্যতম সমৰ্থিত মূল্য চাহ ফেক্টৰী সমূহে খেতিয়ক সকলক দিয়া নাই ৷

tea farmers protest in Charaideo etv bharat assam
ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ
author img

By

Published : Jul 23, 2021, 7:58 AM IST

শিৱসাগৰ, 22 জুলাই : গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৷ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ জৰিয়তে দেশ আৰু ৰাজ্যৰ উন্নয়নশীল অৰ্থনৈতিক ব্যৱস্থাক টনকিয়াল কৰাতো অধিক অৰিহণা যোগাই আহিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খতিয়ক সকলে ৷ ৰাজ্যৰ উৎপাদিত চাহৰ মুঠ শতকৰাৰ সিংহ ভাগ চাহ উৎপাদন কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৷

কিন্তু এই চাহ খেতিয়ক সকলে আজিও লাভ কৰা নাই উৎপাদিত কেঁচা চাহপাতৰ উচিত মূল্য ৷ চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ কথা কৈ আহিছে যদিও কেঁচা চাহপাতৰ মূল্য দিনক দিনে কমি আহিছে ৷ ফলত কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ দাবীত বৃহস্পতিবাৰে চৰাইদেউত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত 2 ঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৷ চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ৰূপায়ন হয় এই প্ৰতিবাদী কাৰ্যসূচী । হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে ৷

ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অভিযোগ অনুসৰি ভাৰতীয় চাহ ব’ৰ্ডে নিধাৰণ কৰি দিয়া ন্যূনতম মূল্যও লাভ কৰা নাই ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৷ চাহ নিগমে নিৰ্ধাৰণ কৰি দিয়া ন্যূনতম সমৰ্থিত মূল্য চাহ ফেক্টৰী সমূহে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক দিয়া নাই ৷ অৰ্থাৎ প্ৰতিকেজি কেঁচা চাহপাতৰ মূল্য 16 টকাৰ পৰা 17 টকাহে লাভ কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৷

গতিকে ৰাজ্য চৰকাৰে বিষয়টো হস্তক্ষেপ কৰি উচিত মূল্যৰ লাভ কৰা ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৷ প্ৰতিবাদস্থলীৰ পৰাই চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদী চাহ খেতিয়ক সকলে ৷

লগতে পঢ়ক: আলফাৰ নাম লৈ কোনে চলাইছে ধন সংগ্ৰহ অভিযান ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.