শিৱসাগৰ, ১০ মাৰ্চ : শিৱসাগৰত বিষাক্ত কাঠফুলা খাই মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি । যোৱা ৫ মাৰ্চ তাৰিখে শিৱসাগৰৰ ডিমৌ সমীপৰ বকতা চিকাৰীচুকত বিষাক্ত কাঠফুলা খাই বিষক্ৰিয়াত আক্ৰান্ত হয় এটা পৰিয়াল । বিষাক্ত কাঠফুলা খাই দুগৰাকী লোক বৰ্তমানলৈকে চিকিৎসাধীন হৈ থকাৰ লগতে দেওবাৰ পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি ।
শিৱসাগৰত বিষাক্ত কাঠফুলা খাই মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি - বিষক্ৰিয়া
দুগৰাকী লোক বৰ্তমানলৈকে চিকিৎসাধীন
শিৱসাগৰ, ১০ মাৰ্চ : শিৱসাগৰত বিষাক্ত কাঠফুলা খাই মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি । যোৱা ৫ মাৰ্চ তাৰিখে শিৱসাগৰৰ ডিমৌ সমীপৰ বকতা চিকাৰীচুকত বিষাক্ত কাঠফুলা খাই বিষক্ৰিয়াত আক্ৰান্ত হয় এটা পৰিয়াল । বিষাক্ত কাঠফুলা খাই দুগৰাকী লোক বৰ্তমানলৈকে চিকিৎসাধীন হৈ থকাৰ লগতে দেওবাৰ পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি ।
ডিমৌ সমীপৰ বকতা চিকাৰীচুকত বিষাক্ত কাঠফুলা খাই যোৱা ৫ মাৰ্চ তাৰিখে আক্ৰান্ত হোৱা পৰিয়ালটোৰ দেওবাৰলৈকে ৬ জন লোক নিহত। নিহত সকল দুৰ্গেশ্বৰ ভূমিজ ৬৫(পিতৃ), ভুৱন ভূমিজ ৩৮(দুৰ্গেশ্বৰ ভূমিজৰ জ্যেষ্ঠ পুত্ৰ), হৰেশ ভূমিজ ২৮ (দুৰ্গেশ্বৰ ভূমিজৰ কণিষ্ঠ পুত্ৰ), জোনমণি ভূমিজ ২৪ (দুৰ্গেশ্বৰ ভূমিজৰ কণিষ্ঠ বোৱাৰী), তিলেশ্বৰ ভূমিজ ২৩(দুৰ্গেশ্বৰ ভূমিজৰ সম্পৰ্কীয় নাতি), টিংকো ভূমিজ ২৬ (দুৰ্গেশ্বৰ ভূমিজৰ সম্পৰ্কীয় নাতি)। বৰ্তমান চিকিৎসাধীন হৈ আছে মৃত দুৰ্গেশ্বৰ ভূমিজৰ জেষ্ঠ পুত্ৰৰ পত্নী মীনা ভূমিজ(২৮) আৰু নাতিনী মাইনা ভূমিজ (২)।আনহাতে কাটফুলা ভক্ষণ কৰি নাজিৰা নিমাইগড়ত নিহত হোৱা মাছিধনি তিৰ্কীক ধৰি জিলাখনত নিহতৰ সংখ্যা৭ লৈ বৃদ্ধি পাইছে।
Conclusion: