ETV Bharat / state

4 দিনীয়াকৈ শিৱৰাত্ৰী পালনৰ বাবে সাজু শিৱসাগৰ

author img

By

Published : Mar 1, 2021, 5:17 PM IST

45 লাখ ব্যয় সাপেক্ষে শিৱসাগৰত শিৱৰাত্ৰীৰ আয়োজন ৷ 10 মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ শিৱসাগৰত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ ৷ 11 মাৰ্চৰ নিশা 9.39 বজাত আৰম্ভ হ'ব লগ্ন আৰু পূজা ৷ 10 মাৰ্চত আৰম্ভ হোৱা শিৱ উৎসৱ 13 মাৰ্চলৈকে চলিব ৷

sivsagar gears up for sivratri
sivsagar gears up for sivratri

শিৱসাগৰ, 1 মাৰ্চ : ঐতিহাসিক শিৱসাগৰত এইবাৰ চাৰিদিনীয়াকৈ পালন কৰা হ'ব শিৱৰাত্ৰী ৷ 10 মাৰ্চৰ পৰা শিৱসাগৰত শিৱদ'ল প্ৰাংগণত আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ অনুষ্ঠিত কৰা হ'ব ৷ এক সংবাদমেল অনুষ্ঠিত কৰি সোমবাৰে শিৱসাগৰ দ'ল উন্নয়ন পৰিষদৰ সম্পাদক বসন্ত গগৈয়ে এই কথা জানিবলৈ দিয়ে ৷

শিৱ উৎসৱৰ পৰিকল্পনাৰ ওপৰত সংগতি ৰাখি সংবাদমেলখনৰ আয়োজন কৰি বসন্ত গগৈয়ে জানিবলৈ দিয়ে যে, বিগত বছৰৰ দৰে এইবছৰো শিৱসাগৰত চাৰিদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে ৷ 10 মাৰ্চৰ 11 বজাত এই শিৱ উৎসৱৰ উদ্বোধন হোৱাৰ পাছত 13 মাৰ্চলৈ দ'ল প্ৰাংগণত অব্যাহত থাকিব আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ ৷ গগৈয়ে জানিবলৈ দিয়া মতে 11 মাৰ্চৰ নিশা 9.39 বজাত লগ্ন আৰু পূজা আৰম্ভ হ'ব ৷

11 মাৰ্চৰ নিশা 9.39 বজাত আৰম্ভ হ'ব লগ্ন আৰু পূজা

জানিব পৰা মতে এইবাৰ শিৱ উৎসৱৰ বাবে 45 লাখ টকা বাজেট ধাৰ্য কৰা হৈছে ৷ এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱত প্ৰায় 700 বিপনীয়ে অংশ ল'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ উল্লেখ্য যে, এই উৎসৱত জুৱা বা চিত্ৰহাৰৰ দৰে অনুষ্ঠান বৰ্জন কৰা হ'ব বুলি জানিবলৈ দি দল উন্নয়ন পৰিষদে এই কথাও জানিবলৈ দিছে যে, শিৱৰাত্ৰীৰ মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গুৱাহাটীৰ শিৱ জ্যোতি প্ৰডাকচনে মুক্তি নাথ নামৰ এখন নাট্য আলেখ্য পৰিৱেশন কৰিব লগতে প্ৰত্যেক বছৰৰ দৰে ৰাজেন বৰগোঁহাঞি সম্পাদনাত মহাদ্যুতি নামৰ এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰা হ'ব ৷

লগতে পঢ়ক: আমগুৰিত গেছ চিলিণ্ডাৰৰ পৰা ওলাইছে লিটাৰে লিটাৰে পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.