ETV Bharat / state

শিৱসাগৰৰ পৰা ৪২ কিলোমিটাৰৰ এক চাইকেল যাত্ৰা

author img

By

Published : Jan 10, 2021, 1:01 PM IST

শিৱসাগৰ জিলাৰ ঐতিহাসিক শিৱ দ'লৰ পৰা এনাৰ্জী চাইকেল কমিউনিটিৰ উদ্যোগত 'দি ৰয়েল হেৰিটেজ চাইক্লথন' নামেৰে ৪২ কিলোমিটাৰ চাইকেল যাত্ৰা আৰম্ভ । শিৱসাগৰৰ শিৱ দ'লৰ পৰা গড়গাঁওৰ কাৰেং ঘৰ, জয়সাগৰৰ জয় দ'ল, গৌৰিসাগৰৰ শিৱ দ'ল, ৰুদ্ৰসাগৰৰ পহুগড়, ৰংপুৰৰ ৰংঘৰ আৰু শেষত তলাতল ঘৰত অন্ত পৰিব এই যাত্ৰাৰ ।

শিৱসাগৰৰ পৰা ৪২ কিলোমিটাৰৰ এক চাইকেল যাত্ৰা
শিৱসাগৰৰ পৰা ৪২ কিলোমিটাৰৰ এক চাইকেল যাত্ৰা

শিৱসাগৰ, ১০ জানুৱাৰী: শিৱসাগৰ জিলাৰ ঐতিহাসিক শিৱ দ'লৰ পৰা এনাৰ্জী চাইকেল কমিউনিটিৰ উদ্যোগত 'দি ৰয়েল হেৰিটেজ চাইক্লথন' নামেৰে ৪২ কিলোমিটাৰ চাইকেল যাত্ৰা আৰম্ভ হয় । দেওবাৰে পুৱা আৰম্ভ হোৱা এই চাইকেল যাত্ৰাৰ শুভাৰম্ভ কৰে বিশ্বখ্যাত পেৰাচাইক্লিষ্ট ৰাকেশ বনিকে । প্ৰায় ৩০০ চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ মূল লক্ষ্য শাৰিৰীক সক্ষমতা বজাই ৰখাৰ ওপৰিও শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰ সমূহৰ প্ৰচাৰ কৰা । শিৱসাগৰৰ শিৱ দ'লৰ পৰা গড়গাঁওৰ কাৰেং ঘৰ, জয়সাগৰৰ জয় দ'ল, গৌৰিসাগৰৰ শিৱ দ'ল, ৰুদ্ৰসাগৰৰ পহুগড়, ৰংপুৰৰ ৰংঘৰ আৰু শেষত তলাতল ঘৰত অন্ত পৰিব এই যাত্ৰাৰ । বিশেষভাৱে সক্ষম অৰ্থাৎ এখন কৃত্ৰিম ভৰিৰে সমগ্ৰ বিশ্ব চাইকেলেৰে ভ্ৰমণ কৰা নগাঁৱৰ পেৰাচাইক্লিষ্ট বনিকে এনে প্ৰচেষ্টাৰ শলাগ লয় । ফ্লেগ অ'ফৰ প্ৰাক সময়ত অনুষ্ঠিত এক অনুষ্টুপীয়া সভাত পেৰাচাইক্লিষ্ট ৰাকেশ বনিকৰ লগতে উপস্থিত আন আন বিশিষ্ট লোক সকলক আদৰণি জনোৱা হয় ।

উল্লেখ্য যে, ৪২ কিলোমিটাৰৰ এই যাত্ৰাত শিৱসাগৰৰ ঐতিহাসিক সমল সমূহ উন্মোচিত কৰি পৰ্যটনৰ দিশত ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা কৰা হৈছে । পুৰুষ-মহিলাৰ লগতে কণ কণ শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাইও এই যাত্ৰাত অংশ লয় ।

লগতে পঢ়ক: ধিঙত ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.