ETV Bharat / state

Sivsagar College upgrades : শিৱসাগৰ কলেজ বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ ঘোষণা - মহাৰজত জয়ন্তী পালন

শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব (Sivsagar College recognize to be University level) ৷ বৃহস্পতিবাৰে বাজেট অধিৱেশনত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই বাতৰি লাভ কৰাৰ পাচতে কলেজ কৰ্তৃপক্ষৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা যায় ।

Sivsagar College upgrades
শিৱসাগৰ কলেজক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ অৰ্থে বাজেটত ধাৰ্য কৰা হৈছে ধন
author img

By

Published : Mar 16, 2023, 10:02 PM IST

শিৱসাগৰত বৈছে আনন্দৰ বন্যা

শিৱসাগৰ, 16 মাৰ্চ : শিৱসাগৰত বৈছে আনন্দৰ বন্যা ৷ কিয়নো শিৱসাগৰ কলেজক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ অৰ্থে বাজেটত ধাৰ্য কৰা হৈছে ধন (Sivsagar College upgrades to be University level) ৷ এই কথা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ লগে লগে আজি কলেজখনত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

বাজেটৰ শুভবার্তা লাভ কৰাৰ পাচতে বৃহস্পতিবাৰে কলেজখনৰ ছাত্ৰ-ছাত্ৰী লগতে কলেজ পৰিয়ালে কলেজ চৌহদত কলেজ সংগীত ‘‘পোহৰ বিচাৰি যাঁও’’ পৰিৱেশন কৰে । উজনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ এই মহাবিদ্যালয়খনে 1947 চনৰ 2 নৱেম্বৰত ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত ফুলনিৰ কবি পদ্মধৰ চলিহাৰ যত্নত প্ৰতিষ্ঠা লাভ কৰিছিল । পিচৰ কালত সেউজ কোঁৱৰ পৰাগ চলিহাৰ প্ৰচেষ্টাত এই শিক্ষানুষ্ঠানখন এক মান বিশিষ্ট শিক্ষানুষ্ঠান ৰূপে গঢ় লৈ উঠিছিল ।

এটা বছৰ পূৰ্বে মহাৰজত জয়ন্তী পালন কৰা এই শিক্ষানুষ্ঠানৰ মহাৰজত জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল ৷ এই আশ্বাসক বৰ্তমান বাস্তৱত পৰিণত কৰি বৃহস্পতিবাৰে বাজেটত কৰা মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাই শিৱসাগৰ কলেজ পৰিয়ালক আনন্দিত কৰি তুলিছে ।

উল্লেখযোগ্য যে, শিৱসাগৰ কলেজে প্ৰতিষ্ঠা কালৰে পৰা মান সম্পন্ন শিক্ষা বিস্তাৰৰ জৰিয়তে বিগত সাত দশকৰো অধিক সময় মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা লৈ আহিছে । স্বনামধন্য সাহিত্যিক প্ৰয়াত নিৰ্মলপ্ৰভা বৰদলৈ শিৱসাগৰ কলেজৰে ছাত্ৰী আছিল ।

সেইদৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে শিৱসাগৰ কলেজতে স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ উপৰিও পিছৰ কালত এই মহাবিদ্যালয়ত অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰ উপৰিও প্ৰসিদ্ধ সাহিত্যিক প্ৰয়াত ড৹ ভৱেন্দ্ৰনাথ শইকীয়া, ড৹ বীৰেণ বৰকটকীকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে শিৱসাগৰ কলেজত অধ্যাপনা কৰিছিল ।

লগতে পঢ়ক : NMC recognised Nalbari Medical College: নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি, নলবাৰীত আনন্দৰ বন্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.