ডিমৌ,৮মে' : মঙলবাৰে নিশা ডিমৌত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা । ডিমৌ কেন্দ্ৰীয় বজাৰৰ গাতে লাগি থকা এটা এচ.বি.আইৰ এ.টি.এমৰ পৰা চোৰে লুট কৰি নিয়ে লক্ষাধিক টকা । গেছ কাটাৰেৰে এ.টি.এমটোৰ চাটাৰৰ তলাৰ লগতে মেচিনটো কাটি কেচবক্সৰ পৰা লক্ষাধিক টকা উলিয়াই নিয়ে । ইতিমধ্যেই ঘটনাস্থলীত ডিমৌৰ স্থানীয় দণ্ডাধীশ, বেংক কৰ্তৃপক্ষ আৰু ডিমৌ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । কিন্তু বৰ্তমানলৈ ঘটনা সংক্ৰান্তত কোনো লোকক চিনাক্ত বা আটক কৰিব পৰা নাই আৰক্ষীয়ে । ইফালে, এ.টি.এমটোত কিমান টকা আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
ডিমৌত এটিএম ভাঙি ধন লুট দুৰ্বৃত্তৰ - বেংক কৰ্তৃপক্ষ
ডিমৌত এচ.বি.আইৰ এ.টি.এমৰ চাটাৰ ভাঙি চোৰে লুটি নিয়ে লক্ষাধিক টকা