ETV Bharat / state

Wrestler needs financial help : চেলুনৰ ব্যৱসায়েৰে ক্ৰীড়া ক্ষেত্ৰত ভৰি দি ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াইছে এজন নাপিতে

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 8:08 AM IST

সপোন পূৰণ কৰিবলৈ ভাৰত্তোলন খেলুৱৈয়ে বিচাৰিছে সহায়ৰ হাত ৷ ৰজাঘৰীয়াৰ অমনোযোগিতা-অৱহেলাৰ বাবেই উপেক্ষিত হৈ ৰ’ল ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা শিৱসাগৰৰ হাতীঘূলি চাবুকধৰাৰ লাচিত ফুকন । ভাৰত্তোলন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িওৱা আৰ্থিকভাৱে টনকিয়াল লাচিত ফুকনে বৰ্তমান এখন চেলুন খুলি পৰিয়াল পোহ-পাল দিবলৈ বাধ্য হৈছে ৷ নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ দৃঢ় সংকল্প লোৱা লাচিত ফুকনক প্ৰয়োজন এখন সহায়ৰ হাতৰ ৷

Wrestler needs financial help
ভাৰাত্তোলন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িওৱা খেলুৱৈ লাচিত ফুকন

আমগুৰি, 26 আগষ্ট: চেলুনৰ ব্যৱসায়েৰে ক্ৰীড়া ক্ষেত্ৰত ভৰি দি ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে এগৰাকী নাপিতে । গৌৰীসাগৰৰ জকাইচুকীয়া এখন গাওঁৰ এজন ডেকাই নিজৰ হেপাঁহ পূৰাবলৈ কৰি গৈছে অক্লান্ত পৰিশ্ৰম । ক্ৰীড়াৰ পথাৰত নিজক প্ৰতিষ্ঠা কৰিবলৈ অদম্য হেপাঁহ পুহি ৰখা যুৱকজনে চেলুনখনৰ জৰিয়তে চলায় গৈছে জীৱন সংগ্ৰাম । দৰিদ্ৰতাক প্ৰত্যাহ্বান জনায় চেলুন ব্যৱসায়ৰে ক্ৰীড়াৰ পথত ভৰি থৈ নিজৰ প্ৰতিভাৰ পৰিচয় দি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াইছে এজন নাপিতে ।

উদ্যমী যুৱকজন হাতীঘূলি চাবুকধৰাৰ লাচিত ফুকন । ৰাষ্ট্ৰীয় ভাৰত্তোলনত সোণৰ মডেল লাভ কৰি সুখ্যাতি অৰ্জন কৰা লাচিত ফুকন পেচাত এজন নাপিত । চাবুকধৰা তিনিআলিত এখন চেলুন খুলি আৰ্জিত টকাৰে পৰিয়াল পোহপাল দিয়াৰ লগতে শক্তি উত্তোলকত নিজকে উৎসৰ্গিত কৰিছে ফুকনে । দৰিদ্ৰতা, আৰ্থিকভাৱে পিছপৰা যুৱকজনে অনুশীলনৰ বাবে নিজ গৃহতে কংক্ৰীটৰ বালি-চিমেন্ট দি সাজি উলিয়াইছে শক্তি উত্তোলকৰ সামগ্ৰী ।

আৰ্থিক অনাটনৰ বাবেই প্ৰকৃত অনুশীলন তথা শক্তি উত্তোলক প্ৰশিক্ষণৰ পৰা বঞ্চিত যুৱকজনে অসমলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰকৈ সোণৰ পদক লাভ কৰি সুনাম কঢ়িয়াই আনিছে । 2016 চনৰ পৰা চেলুন ব্যৱসায়েৰে ক্ৰীড়া ক্ষেত্ৰত ভৰি দিয়া লাচিত ফুকনে 2022 চনত মহাৰাষ্ট্ৰৰ ভদ্ৰাৱতীত শক্তি উত্তোলন কৰি সোণৰ পদক লাভ কৰিছিল । নগাঁও, তেজপুৰ, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন জিলাৰ শক্তি উত্তোলক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰঞ্জ আৰু ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ফুকনে ।

চেলুনৰ ব্যৱসায়কেই সাৰথি কৰি পৰিয়াল পোহপাল দি অহা ফুকনে এজন ভাৰত্তোলক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে সপোন কঢ়িয়াই ফুৰিছে যদিও ধনৰ অভাৱ নথকা হ'লে ৰাষ্ট্ৰীয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খেলিব পাৰিলেহেঁতেন বুলি আক্ষেপ প্ৰকাশ কৰে । কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবেই পিছহুঁহকি আছে বুলি জানিবলৈ দিয়ে এইজন প্ৰতিভাৱান খেলুৱৈ । বাস্তৱত আজিও এনে এগৰাকী লোক বিচাৰি ফুৰিছে যিয়ে তেওঁক সহায়-সহযোগিতাৰে আগবঢ়ায় নিব ৷

আজিকোপতি ৰজাঘৰীয়াৰ চকুত নপৰা এইজন চেলুন ব্যৱসায়ী লাচিত ফুকনে অসমলৈ সন্মান কঢ়িয়াই অনাৰ পিচতো উপেক্ষিত হৈ ৰোৱা বিষয়টোৱে চৰকাৰৰ সংশ্লিষ্ট বিভাগ তথা চৰকাৰ সন্দৰ্ভত বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে । আৰ্থিক অনাটন বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে লাচিত ফুকনৰ সমুখত । অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ কেতিয়াবা চকু মেল খাবনে লাচিত ফুকনক সহায় কৰিবলৈ ? কোনো লোকে লাচিত ফুকনৰ লগত যোগাযোগ কৰিব বিচাৰিলে 7576876626 নম্বৰত যোগাযোগ কৰিব পাৰিব ।

লগতে পঢ়ক: Corruption in Jorhat : ৰূপজোতি কুৰ্মীৰ সমষ্টিত খোদ লোক নিৰ্মাণ বিভাগৰ লোকে স্বীকাৰ কৰিলে ব্যাপক বিসংগতিৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.