ETV Bharat / state

শিৱসাগৰত অবৈধ কৰ সংগ্ৰহ বিজেপি পালিনেতাৰ - বিজেপিৰ দালাল

শিৱসাগৰত দোকান দিয়াৰ অনুমতিৰ নামত কৰ হিচাবে অবৈধভাৱে ৫৭ জন নিবনুৱা যুৱকৰ পৰা ১০-১২ হাজাৰকৈ টকাকৈ সংগ্ৰহ বিজেপি পালিনেতাৰ । প্ৰশাসনে উচ্ছেদ চলাবলৈ আহোঁতেই সৃষ্টি হ'ল অপ্ৰীতিকৰ পৰিস্থিতিৰ ।

দোকান দিয়াৰ অনুমতিৰ নামত অবৈধ কৰ সংগ্ৰহ শিৱসাগৰত
author img

By

Published : Oct 5, 2019, 5:40 PM IST

শিৱসাগৰ , 5 অক্টোবৰঃ ৰাজ্যত পূজাৰ আনন্দৰ মাজতে সপ্তমীৰ দিনা শিৱসাগৰত সংঘটিত হ'ল এক অপ্ৰীতিকৰ ঘটনা । শিৱসাগৰ পৌৰসভাৰ নাম লৈ বিজেপিৰ দুই দালালে ৫৭ জন নিবনুৱা যুৱকৰ পৰা ১০-১২ হাজাৰকৈ টকাকৈ সংগ্ৰহ কৰাক লৈ অঞ্চলটোত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ ।

ঘটনাৰ বিৱৰণী অনুসৰি, বিজেপিৰ পালিনেতা পিকু ৰহমান আৰু নগৰ মণ্ডলৰ সম্পাদক দিপু হাজৰিকাই পৌৰসভাৰ পৌৰপতি মৃদুস্মিতা সিংহ আৰু কাৰ্যবাহী বিষয়া ৰিতুৰাজ বৰদলৈৰ নাম লৈ ৫৭ জন যুৱকৰ পৰা মণ্ডপৰ কাষৰে এখন ঠাইত অস্থায়ী দোকান খুলিবলৈ অনুমতি দিয়াৰ নামত টকা সংগ্ৰহ কৰে । কিন্তু প্ৰশাসনৰ ফালৰ পৰা সেই অঞ্চলত নাছিল দোকান খোলাৰ অনুমতি । প্ৰশাসনে অস্থায়ী দোকান সমূহ উচ্ছেদ কৰিব বিচৰাত ক্ষুণ্ণ হৈ পৰিছে ইতিমধ্যে দোকান খোলাৰ বাবে কৰ প্ৰদান কৰা ব্যৱসায়ীসকল । ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও সম্পূৰ্ণৰূপে পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হয় আৰক্ষী । ব্যৱসায়ীসকলৰ অভিযোগ, বিজেপি নেতা হোৱাৰ বাবেই অভিযোগ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে এতিয়ালৈকে অভিযুক্তৰ ওপৰত গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ।

দোকান দিয়াৰ অনুমতিৰ নামত অবৈধ কৰ সংগ্ৰহ শিৱসাগৰত

লগতে পঢ়কঃ অসমৰ চাহ উদ্যোগত বৃহৎ ক্ষতি : 15 শতাংশ হ্ৰাস উৎপাদন

Intro:Body:শিৱসাগৰত পূজাৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতি
Story-ELLIGAL_ALLOTMENT
Ananta Smith
Sivasagar
05th October

শিৱসাগৰ পৌৰসভাৰ নাম লৈ বিজেপিৰ দুই দালালে ৫৭ জন নিবনুৱা যুৱকৰ পৰা ১০-১২ হাজাৰকৈ পথ কৰ তোলাক কেন্দ্ৰ কৰি এই পৰিস্থিতি

বিজেপিৰ পালিনেতা পিকু ৰহমান আৰু নগৰ মণ্ডলৰ সম্পাদক দিপু হাজৰিকাই সংগ্ৰহ কৰে এই অবৈধ কৰ

ছফুট ব্যাসাৰ্ধৰ দোকান খোলাৰ বিনিময়ত এই গুণ্ডা কৰ দুই বিজেপি নেতাৰ

পৌৰসভাৰ পৌৰপতি মৃদুস্মিতা সিংহ আৰু কাৰ্যবাহী বিষয়া ৰিতুৰাজ বৰদলৈৰ নাম লৈ এই গুণ্ডা টেক্স সংগ্ৰহ দুই বিজেপি নেতাৰ

বিজেপি নেতাদ্বয়ে ধনৰ বিনিময়ত দোকান খুলিবলৈ অনুমতি দিয়া ঠাইত প্ৰশাসনে উচ্ছেদ কৰাত সৃষ্টি হয় এই অপ্ৰীতিকৰ পৰিস্থিতি

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই পৰিৱেশ

বিজেপি নেতা হোৱাৰ বাবেই বৰ্তমানো আৰক্ষীয়ে গুণ্ডাটেক্স লোৱা ব্যকেতি দুজনৰ বিৰোদ্ধে অভিযোগ দাখিলৰ পাছতো লোৱা নাই ব্যৱস্থা ৷

Bite-অভিযোগকাৰীConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.