শিৱসাগৰ,10 মে'ঃ COVID-19 ৰ বিভীষিকাৰ মাজতে যোৱা ৮ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হৈছিল শিৱসাগৰৰ সুভাশীষ মহন্ত আৰু গুৱাহাটীৰ ৰেণু দেৱী। শেহতীয়া পৰিস্থিতিৰ বাবে আড়ম্বৰপূৰ্ণ অনুষ্ঠান পৰিহাৰ কৰি নগণ্য সংখ্যক লোকক লৈ বৈদিক নিয়মেৰে বিবাহ সম্পন্ন কৰিলে দুয়োৱে ৷ বিয়াৰ পাছত সাধাৰণ দিনত হয়তো বহু লোকক নিমন্ত্ৰণ কৰি বৈবাহিক আনন্দৰ অংশীদাৰ কৰিলে হয় কিন্তু লক্ ডাউনৰ বাবে নিস্তেজ হ'ল সকলো ৷
১০ মে' অৰ্থাৎ আজিৰ দিনটোতে আছিল অভ্যৰ্থনা। কিন্তু COVID-19ৰ বাবে বাতিল কৰিব লগা হয় এই অভ্যৰ্থনা অনুষ্ঠান ৷ অভ্যৰ্থনা অনুষ্ঠান বাতিল কৰা বাবে ৰাহি হোৱা ধনৰ ৫০ হেজাৰ টকা দৰা সুভাশীষ মহন্তই দেওবাৰে নিজে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ শিৱসাগৰৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ হাতত অৰ্পণ কৰে। তেওঁ শিৱসাগৰ জিলা প্রশাসনক COVID-19 নিয়ন্ত্ৰণ কৰিবৰ বাবে সহায়ক হোৱাকৈ এই ধন আগবঢ়াইছে বুলি জানিবলৈ দিয়ে ৷