শিৱসাগৰ, 5 জুলাই : শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ে সকলো ৰাজনৈতিক দললৈ প্ৰেৰণ কৰা এখন জাননীয়ে প্ৰকট কৰিছে শিৱসাগৰ উপ নিৰ্বাচনৰ সম্ভাৱনা ৷ প্ৰশাসনৰ এই জাননীয়ে তৎপৰতা বৃদ্ধি কৰিছে ৰাজনৈতিক দলসমূহৰ মাজতো । ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ সম্ভাৱনা।চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত কংগ্ৰেছ দলৰ জেষ্ঠ নেতা তথা ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ নেতা প্ৰণৱ কুমাৰ গগৈৰ মৃত্যু হৈছিল।তেওঁৰ মৃত্যুৰ পাছত খালি হৈ পৰা সমষ্টিটোত সাংবিধানিক নিয়ম অনুসৰি উপ নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছিল।সন্মানীয় শিৱসাগৰ বিধান সভা সমষ্টি শাসনাধিষ্ঠ বিজেপি দলে প্ৰথম বাৰৰ বাবে দখল কৰাৰ প্ৰস্তুতি আৰম্ভ কৰাৰ বিপৰীতে কা আন্দোলনৰ মাজত কংগ্ৰেছ দলে সমষ্টিটো নিজৰ দখলত ৰখাৰ সকলো ব্লুপ্ৰিণ্ট সম্পূৰ্ণ কৰিছিল।কিন্তু তেনে সময়তে ক'ৰণা ভাইৰাছৰ আতংকই উপ নিৰ্বাচনৰ সকলো সম্ভাবনা ৰুদ্ধ কৰি দিলে ।
কিন্তু সাংবিধানৰ নিয়ম অনুসৰি খালি হৈ পৰা যিকোনো সাংবিধানিক পদ ছয় মাহৰ ভিতৰত পুনৰ নিৰ্বাচন হ'ব লাগে । যদিও ক'ভিড ১৯ ৰোগৰ ভয়াবহতাই এনে সকলো সম্ভাৱনা নিঃশেষ কৰি দিছিল তথাপিও শেহতীয়াকৈ জিলা প্ৰশাসনে শিৱসাগৰৰ সকলো ৰাজনৈতিক দললৈ প্ৰেৰণ কৰা এখন জাননীয়ে পুনৰ শিৱসাগৰ সমষ্টিত উপ নিৰ্বাচনৰ সম্ভাৱনা প্ৰকট কৰিলে । শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ে সকলো ৰাজনৈতিক দললৈ এক জাননী প্ৰেৰণ কৰি শিৱসাগৰ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নতুনকৈ অনা ইভিএম মেছিনসমূহ অহা ৬ জুলাইত পুনৰীক্ষণ কৰিবৰ বাবে দলসমূহৰ পৰা প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে । এনে প্ৰেক্ষাপটত শিৱসাগৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ।
শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াই ইটিভি ভাৰতক জনাই যে, এই জাননী এক প্ৰ'টকলহে । শিৱসাগৰ বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰশাসন সাজু থাকিবৰ বাবে এনে ব্যৱস্থাসমূহ হাতত লোৱা হৈছে যাতে নিৰ্বাচন আয়োগে যদি নিৰ্বাচনৰ দিন ঘোষণা কৰে তেন্তে সময়ত যাতে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায় । কিন্তু উপ নিৰ্বাচনৰ সিদ্ধান্ত ল'লে এইদিন নিৰ্বাচন আয়োগে ঘোষণা কৰিব বুলি উল্লেখ কৰে নিৰ্বাচন বিষয়া পংকজ বৰাই ৷
উল্লেখ্য যে, জিলা প্ৰশাসনৰ সূত্ৰত এক নিয়মানুসৰি ব্যৱস্থা লোৱা হৈছে বুলি যদিও কোৱা হৈছে তথাপিও বিহাৰৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচকাৱাজলৈ চাই অসমৰ শিৱসাগৰ আৰু ৰঙাপাৰা সমষ্টিত সংবিধানৰ নিয়ম অনুসৰি মহামাৰীৰ মাজতো উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে । নহ'লে নিৰ্বাচন আয়োগ জৱাবদিহি হ'ব লাগিব উচ্চতম ন্যায়ালয়ৰ সন্মুখত ।
লগতে পঢ়ক : সংখ্যালঘু বন্যাৰ্তক সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ