শিৱসাগৰ,১৭ জানুৱাৰী: আজি শিল্পী দিৱস(71th Shilpi divas) । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ এই দিনটোতে শিল্পীগৰাকীক সুঁৱৰি প্ৰত্যেক বছৰে সমগ্ৰ ৰাজ্যই পালন কৰি আহিছে শিল্পী দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শিৱসাগৰতো আজি মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটোত শিল্পীগৰাকীক সোঁৱৰণ কৰা হয়(Assam observes Shilpi Divas) । ১৯৫৩ চনৰ পৰা অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, নাটক, চিনেমা আদি বিভিন্ন দিশত সৰ্ববৃহৎ অৱদান আগবঢ়াই অহা শিল্পীগৰাকীৰ মৃত্যু দিৱসটো শিল্পী দিৱসৰূপে উদযাপন কৰি অহা হৈছে ।
মঙলবাৰে শিৱসাগৰ নগৰৰ জিলা পুঁথিভৰাল প্ৰাঙ্গণত শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভাৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে মহান শিল্পীগৰাকীক সোঁৱৰণ কৰি শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰা হয়(Shilpi Divas Observes in Sivsagar) । সেইদৰে শিৱসাগৰ নগৰৰ থানামুখৰ বীণাপানি সংগীত মহাবিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ কলাকেন্দ্ৰ তথা থাৰ্ড থিয়েটাৰৰ উদ্যোগত বীণাপানি সংগীত বিদ্যালয়ৰ সমীপত শিল্পী দিৱস উদযাপন কৰা হয় ।
ড৽ সব্যসাচী মহন্ত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা এই অনুষ্ঠানত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, বিশিষ্ট নিবন্ধকাৰ ড৽ সৌমাৰজ্যোতি মহন্তৰ লগতে স্মৃতিগ্ৰন্থৰ উন্মোচকৰূপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ড৽ নিৰুপমা মহন্ত । অসমীয়া ভাষা-সংস্কৃতিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদানক সোঁৱৰণ কৰি এক শোভাযাত্ৰাও উলিওৱা হয় । আনহাতে বিধায়ক গগৈয়ে আজিৰ দিনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তাৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰে ।
তেওঁ সাংবাদিকৰ আগত কয় যে, জ্যোতিপ্ৰসাদ আগৰৱালাই বিচৰা সমাজখন আছিল ৰূপান্তৰৰ সমাজ । যাক বিপ্লৱ বুলি অভিহিত কৰিব পাৰি । জ্যোতিপ্ৰসাদ আগৰৱালাই বিচৰা সমাজখন এনেকুৱা আছিল য'ত আমি প্ৰত্য়েকজন ব্যক্তিয়েই শিল্পী হিচাপে পৰিগণিত হ'ব পাৰো । লগতে বিধায়ক অখিল গগৈয়ে কয় যে আমাৰ প্ৰত্যেকজনৰ ভিতৰত একো একোটা শিল্প সত্বা আছে । তেওঁ লগতে কয় যে, প্ৰত্যেকজন মানুহৰ ভিতৰত একো একোটা ভাল মানুহৰ সত্বা আছে আৰু সেই সত্বাক কৰ্ষণ কৰি থাকিলে মানুহজন ভাল হৈ গৈ থাকে ।
তেওঁ আৰু কয় যে, জ্যোতিপ্ৰসাদ আগৰৱালাই এনে এখন সমাজ গঢ়াৰ কথা কৈছিলে যিখন সমাজত তেওঁ শিল্পীৰ নিচিনাকৈ বাস কৰিব পাৰিব আৰু সমাজৰ বাবে সৰ্বোচ্চ দি যাব পাৰিব । আমি কাৰ্পেটৰ পৰা ঘাঁহনিলৈ নামিছো । কিন্তু নেতাবোৰে ঘাঁহনিৰ পৰা কাৰ্পেটলৈ নামি গৈছে বুলি জ্যোতিপ্ৰসাদৰ ভাষাৰেই সুঁৱৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ।
লগতে পঢ়ক: Nimati ferry service delayed: ঘন কুঁৱলীৰ বাবে নিমাতী-মাজুলী সংযোগী ফেৰী চলাচলত বাধা