ETV Bharat / state

এতিয়া বহু মহিলাৰে আদৰ্শ আমগুৰিৰ ভাৰতী দাস

থলুৱাভাৱে উৎপদিত সামগ্ৰীৰে আচাৰ, জাম, জেলী, চৰবত আদি প্ৰস্তুত কৰি, সেই সামগ্ৰীৰে ব্যৱসায় আৰম্ভ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে, আন 4 গৰাকীকৈ মহিলাক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে আমগুৰিৰ ভাৰতী দাসে ৷

author img

By

Published : Jul 18, 2020, 10:25 AM IST

ক্ষুদ্ৰ উদ্যোগেৰে স্বৱলম্বীতাৰ পথ প্ৰশস্ত

আমগুৰি, 18 জুলাই: ঘৰতে আচাৰ তৈয়াৰ কৰি শিৱসাগৰৰ আমগুৰিৰ এগৰাকী মহিলাই প্ৰশস্ত কৰিছে স্বাৱলম্বীতাৰ পথ ৷ মহিলাগৰাকী নিজে স্বাৱলম্বী হোৱাৰ লগতে, কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে আন একাংশ মহিলাক ৷ আচাৰ, জাম, জেলী, চৰবত আদিৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱা মহিলা গৰাকীৰ নাম ভাৰতী দাস ৷ 2018 চনতে মহিলা গৰাকীয়ে নিজ ঘৰতে থলুৱাভাৱে উৎপাদিত ফলমূল, পাচলি ব্যৱহাৰ কৰি গঢ়ি তুলিছে এটা ক্ষুদ্ৰ উদ্যোগ ৷

ক্ষুদ্ৰ উদ্যোগেৰে স্বৱলম্বীতাৰ পথ প্ৰশস্ত কৰা আমগুৰিৰ ভাৰতী দাস
শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত ব্যৱসায় চলাই নিছে আচাৰকে ধৰি জাম, জেলী, চৰবত আদিৰ ব্যৱসায়

বি.ডি ইণ্ডাষ্ট্ৰীছ নামেৰে এটি ক্ষুদ্ৰ উদ্যোগ গঢ় দি ভাৰতী দাসে শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত ব্যৱসায় চলাই নিছে আচাৰকে ধৰি জাম, জেলী, চৰবত আদিৰ ৷ আমগুৰিৰ লগতে, শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত চলাই নিয়া এই ব্যৱসায়ত ভাৰতী দাসে, তেওঁৰ সহযোগী হিচাপে আন 4 গৰাকীকৈ মহিলাক দিছে কৰ্ম সংস্থাপন ৷ জানিব পৰা মতে, ভাৰতী দাসৰ এই ব্যৱসায় কেৱল শিৱসাগৰ জিলাৰ মাজতে সীমাবদ্ধ নাথাকি যোৰহাট আৰু ডিব্ৰুগড়ৰ বজাৰলৈয়ো সম্প্ৰসাৰণ ঘটিছে ৷ নিবনুৱা সমস্যাই জুৰুলা কৰা সাম্প্ৰতিক সময়ত ভাৰতী দাস হ'ব পাৰে বহু লোকৰ বাবে আদৰ্শস্বৰূপ ৷ লগতে তেওঁৰ উদাহৰণ সৰোগত কৰি স্বাৱলম্বীতাৰ বাট প্ৰশস্ত কৰিব পাৰে বহু মহিলাই ৷

লগতে পঢ়ক: মুগা পলু পালনেৰে স্বাৱলম্বী ধলপুৰৰ দুই ভগ্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.