আমগুৰি, ২এপ্ৰিল: আমগুৰিত এগৰাকী মহিলাৰ অসমীয়াগিৰী । আমগুৰিৰ বৰভেঁটি গাঁৱৰ নিবাসী মহিলাগৰাকীৰ নাম বুলবুলি চুতীয়া । বিগত কেইবছৰ মানৰ পৰা চাইকেলত চানা-বুট বেচি কৰি হৈছে জীৱন সংগ্ৰাম ৷
উল্লেখ্য যে, পাঁচ বছৰ পূৰ্বে স্বামীহাৰা হোৱা আৰ্থিকভাৱে অনগ্ৰসৰ মহিলা গৰাকীয়ে আনৰ ঘৰত কাম-বন কৰি জীৱন অতিবাহিত কৰি আহিছিল । কিছুদিন এনেদৰে কাম-বন কৰাৰ পিছত মহিলা গৰাকীয়ে নিজাকৈ কিবা এটা কৰাৰ চিন্তা কৰে। অৱশেষত এখন চাইকেলতে আৰম্ভ কৰিলে নিজৰ ব্যৱসায় ৷ কেৱল চানা-বুট ভজা বিক্ৰী কৰাই নহয়, মাজে-সময়ে এই চাইকেলখনতে কঢ়িয়াই লৈ আহে কিছু শাক-পাচলিও ৷
আনহাতে, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে মহিলা গৰাকীক এখন ঠেলা দিব বুলি আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু বিগত দুটা মাহে প্ৰদান নকৰিলে সাংসদ গৰাকীয়ে ঠেলাখন । ঠেলাখন লাভ কৰিলে মহিলা গৰাকীয়ে ব্যৱসায় কিছু আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছিল যদিও সেই ব্যৱসায় বৰ্তমান আগবঢ়াব পৰা নাই মহিলা গৰাকীয়ে ।
দুচকুত অযুত সপোন পুহি ৰখা বুলবুলি চেতীয়া নামৰ মহিলা গৰাকীক প্ৰয়োজন অলপ সহায়ৰ । মহিলা স্বাৱলম্বীতাৰ অন্যতম নিদৰ্শন দাঙি ধৰা মহিলাগৰাকী অন্য দহ গৰাকীৰ কাৰণে পথ প্ৰদৰ্শক স্বৰূপ । কোনো সদাশয় ব্যক্তিয়ে মহিলা গৰাকীক সহায় কৰিব বিচাৰিলে 8134090481 ফোন নম্বৰত যোগাযোগ কৰিব পাৰে ।