শিৱসাগৰ,22 মাৰ্চ: 27 মাৰ্চৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে সোমবাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে দিচাংমুখ অঞ্চলৰ অনূসূচীত জাতিৰ লোকসকলে । অঞ্চলটোৰ দুটাকৈ পথ বৰ্তমানেও নিৰ্মাণ নোহোৱাৰ বাবে ক্ষোভ উজাৰি এক প্ৰতিবাদ সাব্যস্ত কৰে অনুসূচীত জাতিৰ লোকসকলে । জৰাজীৰ্ণ পথ দুটা বছৰ বছৰ ধৰি নিৰ্মাণ নকৰি পেলাই ৰখাৰ বাবে জীয়াতু ভোগাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী ৰাইজে ৷
আনহাতে বিজেপিয়ে কেৱল জেইল গাঁৱৰ পথেই নহয়, সমগ্ৰ অনুসূচীত জাতিটোক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে । জেইল গাঁৱৰ পথৰ বাকী অংশ নিৰ্মাণ কৰি কেৱল অনুসূচীত জাতিৰ অধ্যুষিত অংশ নিৰ্মাণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে । এইবাৰ নিৰ্বাচনত ভোটৰ মাধ্যমেৰে উত্তৰ দিয়াৰ হুংকাৰ দিয়ে ৰাইজে ।