ETV Bharat / state

ৰাজ্যবাসীৰ বাবে অভিজিৎ দুৱৰাই সাজি ওলিয়ালে চেনিটাইজেচন যন্ত্ৰ - অভিজিৎ দুৱৰাই সাজি ওলিয়ালে চেনিটাইজেচন যন্ত্ৰ

মানুহৰ সৰ্বশৰীৰ চেনিটাইজ কৰিব পৰা এটা যন্ত্ৰ, শৰীৰৰ তাপমাত্ৰা জুখিব পৰা যন্ত্ৰ, সর্ব শৰীৰত উত্তাপ সৃষ্টি কৰিব পৰা এটা যন্ত্ৰ ইতিমধ্যে উদ্ভাৱন কৰি উলিয়াইছে অভিজিৎ দুৱৰাই ।

চেনিটাইজেচন যন্ত্ৰ
চেনিটাইজেচন যন্ত্ৰ
author img

By

Published : Apr 6, 2020, 6:42 PM IST

শিৱসাগৰ, 6 এপ্ৰিলঃ লক ডাউনৰ সময়ছোৱাত সাধাৰণ ৰাইজৰ সুবিধাৰ্থে শিৱসাগৰৰ মেটেকা ঘাটৰ নিৱাসী অভিজিৎ দুৱৰাই উদ্ভাৱন কৰি উলিয়াইছে তিনিটা যন্ত্ৰ ৷ মানুহৰ সৰ্বশৰীৰ চেনিটাইজ কৰিব পৰা এটা যন্ত্ৰ, শৰীৰৰ তাপমাত্ৰা জুখিব পৰা যন্ত্ৰ, সর্ব শৰীৰত উত্তাপ সৃষ্টি কৰিব পৰা এটা যন্ত্ৰ ইতিমধ্যে উদ্ভাৱন কৰি উলিয়াইছে অভিজিৎ দুৱৰাই। ল'ক ডাউনৰ বাবে অভিজিৎ দুৱৰাই যন্ত্র নির্মাণৰ বাবে প্রয়োজনীয় সামগ্ৰী যুগুত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যদিও একক প্ৰচেষ্টাত সাজি উলিয়াইছে তিনিটাকৈ যন্ত্ৰ আৰু বর্তমান সময়ত এই যন্ত্ৰ সমূহৰ প্ৰয়োজনীয়তা যথেষ্ট বুলি মত প্ৰকাশ কৰিছে উদীয়মান যুৱক জনে।

অভিজিৎ দুৱৰা
৩১ বছৰীয়া অভিজিৎ দুৱৰা মীৰা দুৱৰা আৰু স্বৰ্গীয় ভৱেন দুৱৰাৰ জ্যেষ্ঠ পুত্ৰ। শিৱসাগৰৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা স্কুলীয়া শিক্ষা আৰু বীৰ লাচিত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা অভিজিৎ আজিলৈকে লোৱা নাই কোনো ধৰণৰ কাৰিকৰী শিক্ষা। আৰ্থিকভাৱে দুৰ্বল অভিজিৎ দুৱৰাই যদি অলপ আর্থিক সহায় লাভ কৰে তেন্তে হয়টো এজন প্ৰতিষ্ঠিত উদ্ভাৱক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.