ETV Bharat / state

Sadou Asom Lekhika Samaroh: শিৱসাগৰত সদৌ অসম লেখিকা সমাৰোহৰ অধিৱেশন - সদৌ অসম লেখিকা সমাৰোহ

বৃহস্পতিবাৰৰ পৰা শিৱসাগৰত চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে সদৌ অসম লেখিকা সমাৰোহৰ ঊনবিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন (Sadou Asom Lekhika Samaroh held in Sivasagar) ৷ সাহিত্য তথা কলা সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰা উদ্দেশ্যে আয়োজন কৰা হৈছে এই বিশেষ সমাৰোহৰ ৷ এই সমাৰোহত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰা অহা কেবা শতাধিক প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে ৷

Sadou Asom Lekhika Samaroh held in Sivasagar
শিৱসাগৰত আয়োজন সদৌ অসম লেখিকা সমাৰোহৰ অধিৱেশন
author img

By

Published : Oct 14, 2022, 4:22 PM IST

শিৱসাগৰ, 14 অক্টোবৰ : শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ সৰস্বতী নিৰ্মলপ্ৰভা বৰদলৈ সোঁৱৰণী ক্ষেত্ৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম লেখিকা সমাৰোহৰ ঊনবিংশতিতম দ্বি-বাৰ্ষিক শিৱসাগৰ অধিৱেশন (Sadou Asom Lekhika Samaroh held in Sivasagar) । চাৰিদিনীয়াকৈ আয়োজিত হোৱা এই অধিৱেশনখনিৰ বৃহস্পতিবাৰে আবেলি প্ৰতিনিধি শিবিৰ মুকলি কৰে শিৱসাগৰ পৌৰসভাৰ সভাপতি মৃনালী কোঁৱৰে ।

শিৱসাগৰত আয়োজন সদৌ অসম লেখিকা সমাৰোহৰ অধিৱেশন

শিৱসাগৰ মিলন মন্দিৰত অনুষ্ঠিত হোৱা প্ৰতিনিধি শিৱিৰত অসমৰ প্ৰতিখন জিলাৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও অহা প্ৰায় তিনি শতাধিক প্ৰতিনিধি উপস্থিত থাকে ৷ ইয়াৰ পিছতেই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড৹ চাৰু চহৰীয়া নাথৰ সঞ্চালনাত প্ৰতিনিধিবৰ্গৰ সৈতে কেন্দ্ৰীয় আৰু আদৰণি সমিতিৰ সদস্যাসকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠিত হয় ।

অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী অপৰাজিতা ভূঞাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত শিক্ষাবিদ কাৰ্তিক দত্ত, অমল দত্ত, সমাজকৰ্মী ৰজনী চাংকাকতি, জ্যেষ্ঠ সাংবাদিক সোমেশ ডেকাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইফালে বৰ্ডিং খেলপথাৰৰ সৰস্বতী নিৰ্মলপ্ৰভা বৰদলৈ সোঁৱৰণী ক্ষেত্ৰত কালি স্বাস্থ্য সেৱা শিৱিৰ মুকলি কৰা হয় ।

আনহাতে, শুকুৰবাৰে অধিৱেশনৰ দ্বিতীয় দিনা পুৱা 8:30 বজাত পতাকা উত্তোলন, 9 বজাত বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন, 10 বজাত বৃক্ষৰোপন, 10:15 বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি, গ্ৰন্থমেলাৰ দ্বাৰ মুকলি, দিনৰ 11 বজাত অন্নদা শইকীয়া সোৱৰণী আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । স্বাধীনতাৰ পৰৱৰ্তী কালৰ অসমীয়া উপন্যাস সাহিত্য শীৰ্ষক বিষয়ত আলোচক হিচাপে উপস্থিত থাকে মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড৹ মহাশ্বেতা দেৱী ।

ইয়াৰ পিছতেই অনুষ্ঠিত হয় বুৰঞ্জী প্ৰভাকৰ ভুৱন চন্দ্ৰ সন্দিকৈ সোঁৱৰণী বুৰঞ্জী সন্মিলন । মধ্যযুগৰ অসমৰ প্ৰাচীন কীৰ্তি চিহ্নসমূহৰ নিৰ্মাণশৈলী আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা বিষয়ত বক্তৃতা প্ৰদান কৰে নামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জীতেন বৰপাত্ৰ গোহাঁয়ে ।

বোকাখাত জে ডি এচ চি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড৹ বিভা বৰাই সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰ দুখনিৰ উদ্বোধন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সৌমাৰজ্যোতি মহন্তই । সেইদৰে শুকুৰবাৰে বিয়লি 3 বজাত প্ৰতিনিধি সভা, 4 বজাত অনুষ্ঠিত হ’ব নলিনীবালা দেৱী সোঁৱৰণী কবি সন্মিলন ।

ডাঃ প্ৰণয় ফুকনে উদ্বোধন কৰিব লগা সন্মিলনখনিৰ সঞ্চালনা কৰিব পুষ্পা গগৈয়ে । পৰ্যৱেশক আৰু পৰ্যালোচক হিচাপে উপস্থিত থাকিব ড৹ পূৰৱী দুৱৰা আৰু ড৹ অনিল শইকীয়া । সন্ধিয়া 6:30 বজাত বিশিষ্ট নাট্যকাৰ প্ৰশান্ত শৰ্মাই উদ্বোধন কৰিব লগা সাংস্কৃতিক সন্ধিয়াটি জীপাল হৈ উঠিব বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে ।

লগতে পঢ়ক : Asom Gana Parishad : বৰপেটাত অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.