ETV Bharat / state

শিৱসাগৰত পৃষ্ঠা প্ৰমুখ কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

author img

By

Published : Feb 12, 2021, 8:27 PM IST

শিৱসাগৰত শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উদ্যোগত পৃষ্ঠা প্ৰমুখ সন্মিলনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস । অনুষ্ঠানত চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজক জনোৱাৰ লগতে বিৰোধী দলসমূহক কঠোৰ সমালোচনা কৰে ।

শিৱসাগৰত পৃষ্ঠা প্ৰমুখ কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস
শিৱসাগৰত পৃষ্ঠা প্ৰমুখ কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

শিৱসাগৰ,১২ ফেব্ৰুৱাৰী: নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এতিয়া উজনিৰ পৰা নামনিলৈ সকলোতে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । শাসকীয় দলৰ শীৰ্ষ নেতাসকল উপস্থিত হৈছে ৰাজ্য়ৰ বিভিন্ন সমষ্টিত। শিৱসাগৰ জিলাৰ ১০৮ নং শিৱসাগৰ সমষ্টিটো এক কাৰ্যসূচীত ভাগ লয় বিজেপি দল ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে । অঞ্চলটোৰ পুৰুষ-মহিলা সকলোৱে তেওঁক উলহ মালহেৰে অনুষ্ঠানলৈ আদৰি অনা পৰিলক্ষিত হয় ।

শিৱসাগৰৰ বানমুখ কাঠপাৰাত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত ৰাজ্যিক সভাপতি গৰাকীয়ে ভাগ লৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফক ক্ষুৰধাৰে সমালোচনা কৰা দেখা গ'ল । লগতে তেওঁ ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ কথাও ক'লে উপস্থিত ৰাইজক ।

ৰঞ্জিত দাসৰ অভিযোগ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক উজনি অসমৰ ৰাইজে ঘৃণাৰ দৃষ্টিৰে চাইছে আৰু এই মিত্ৰজোঁট অপবিত্ৰ বুলি মন্তব্য় কৰে সভাপতিগৰাকীয়ে । লগতে কংগ্ৰেছে এ আই ইউ ডি এফৰ লগত মিলি অসমীয়া জাতিক ধ্বংস কৰিব বিছাৰিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । সমান্তৰালকৈ সমগ্ৰ অসমতে বিজেপি চৰকাৰে আগন্তুক নিৰ্বাচনত পূৰ্বতকৈও ভাল ফলাফল দেখুৱাব বুলি দাবী কৰে সভাপতি ৰঞ্জিত দাসে ।

লগতে পঢ়ক:বিধানসভাত দাখিল ৬০,৭৮৪.০৩ কোটি টকাৰ বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.