ETV Bharat / state

ঐতিহাসিক ৰংঘৰত 100 কোটি ক’ভিড ভেকচিনৰ সাফল্য উদযাপন

author img

By

Published : Oct 22, 2021, 11:05 AM IST

ক’ভিড(Covid) অতিমাৰীৰ প্ৰতিৰোধ ব্যৱস্থাক লৈ ভাৰত চৰকাৰে প্ৰদান কৰিলে 100 কোটি ক’ভিড ভেকচিন(Covid Vaccine) ৷ সেই উপলক্ষে উজলি উঠিল শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ(Rang Ghar) ৷ কেন্দ্ৰীয় পুৰাতত্ব বিভাগ(Department of Archaeological)ৰ দ্বাৰা ৰূপায়ন কৰা হয় এই বিশেষ কাৰ্যসূচী ৷

rang-ghar-celebrated-the-landmark-achievement-of-100-crore-covid-vaccine
ৰংঘৰত 100 কোটি ক’ভিড ভেকচিনৰ সাফল্য উদযাপন

শিৱসাগৰ, 22 অক্টোবৰ : বৃহস্পতিবাৰে ভাৰত চৰকাৰৰ ক’ভিড ভেকচিন(Covid Vaccine) অভিযানে দেশৰ 100 কোটি লোকক সফলভাৱে ভেকচিন প্ৰদান কৰাৰ লক্ষ্যত উপনীত হয় ৷ ক’ভিড মহামাৰীক প্ৰতিহত কৰাৰ বাবে আৰম্ভ কৰা এই অভিযানৰ বাবে মাইলৰ খুঁটিস্বৰূপ এই বিশেষ ক্ষণটো স্মৰণীয় কৰাৰ উদ্দেশ্যে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ(Rang Ghar)ত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণ বিভাগে(Department of Archaeological) ।

এছিয়াৰ প্ৰথমটো পেভিলিয়ন খ্যাত ৰংঘৰক ভিন্ন ৰঙীন আলোকেৰে সজ্জিত কৰি তোলে বিভাগটোৱে । 774 বছৰ পুৰণি এই ঐতিহাসিক সমলটি ৰং-বিৰঙৰ আলোকসজ্জাত অতি মনোৰম আৰু আকৰ্ষণীয় হৈ উঠে । 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসক জীৱন্ত কৰা স্থাপত্যসমূহৰ অন্যতম ৰংঘৰ দেশী-বিদেশী পৰ্যটকৰো এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

100 কোটি ক’ভিড ভেকচিনৰ সাফল্য উদযাপন

ইফালে এই অভিযানক সফল কৰাৰ বাবে দিনে-নিশাই পৰিশ্ৰম কৰা চিকিৎসকসকলে এই অভিযানে 100 কোটিৰ লক্ষ্যত উপনীত হোৱাৰ সন্তুষ্টি প্ৰকাশ কৰিছে । চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলৰ অক্লান্ত শ্ৰম আৰু উৎসৰ্গিত মনোভাৱৰ বাবে এই অভিযানে যে সফলতাৰ মুখ দেখিছে, সেই কথাটোত তিলমানো সন্দেহ নাই । এই বিশেষ ক্ষণটোত স্বাস্থ্য খণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিয়েই উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ৷

vrang-ghar-celebrated-the-landmark-achievement-of-100-crore-covid-vaccine

শিৱসাগৰ জিলাত বৰ্তমানলৈকে সৰ্বমুঠ 6 লাখ 53 হেজাৰ 125 গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত 4,75,765(98.13 শতাংশ) গৰাকীয়ে প্ৰথম পালি আৰু 1,82,360(38.34 শতাংশ) গৰাকীয়ে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : ভাৰতত ১০০ কোটি লোকৰ ক'ভিড-১৯ টীকাকৰণ সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.