ETV Bharat / state

ৰে'ল বিভাগৰ ঠিকাদাৰে প্ৰবঞ্চনাৰে স্থানীয় লোকৰ পৰা লুটিলে লক্ষাধিক টকা - ছাত্ৰ সন্থা

আমগুৰিত ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ বিৰুদ্ধে সৰৱ স্থানীয় লোক ৷

ETV BHARAT
আমগুৰিত ৰে'ল বিভাগৰ ঠিকাদাৰে প্ৰবঞ্চনাৰে স্থানীয় লোকৰ পৰা লুটিলে লক্ষাধিক টকা
author img

By

Published : Feb 22, 2020, 1:06 PM IST

আমগুৰি, ২২ ফেব্ৰুৱাৰীঃ আমগুৰিত ভাৰতীয় ৰে'ল বিভাগৰ ঠিকাদাৰৰ আজৱকাণ্ড ৷ স্থানীয় লোকৰ পৰা ধন ঋণলৈ লৈ পৰিশোধ নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷

আমগুৰিত ৰে'ল বিভাগৰ ঠিকাদাৰে প্ৰবঞ্চনাৰে স্থানীয় লোকৰ পৰা লুটিলে লক্ষাধিক টকা

উল্লেখ্য যে, আলিপুৰ দুৱাৰৰ ঠিকাদাৰ সুখেন্দু নাথ নামৰ ভাৰতীয় ৰে'ল বিভাগৰ ঠিকাদাৰ জনে আমগুৰিৰ পবিত্ৰ গগৈ, প্ৰণৱ গগৈ, লক্ষীনাথ গগৈ নামৰ লোক কেইজনৰ পৰা প্ৰায় 1 লাখ টকা কালভাৰ্ট নিৰ্মাণ কৰিবলৈ ঋণলৈ লৈছিল ৷ কিন্তু দীৰ্ঘ দিনৰ পৰা অভিযুক্ত ঠিকাদাৰজনে ঋণলৈ লোৱা ধন খিনি পৰিশোধ নকৰাৰ উপৰিও কোনো যোগাযোগ নকৰা বুলি গুৰুতৰ অভিযোগ তোলে ৷ আনহাতে আমগুৰিৰেই নিবাসী ৰে'ল বিভাগত কৰ্মৰত এজনলোক গ্যেৰান্টাৰ আছিল যদিও অভিযুক্ত ঠিকাদাৰজনে এতিয়ালৈ ধনখিনি ঘুৰাই নিদিয়া বুলি মন্তব্য কৰে ৷ তাৰোপৰি আমগুৰিৰ ছাত্ৰ সন্থাৰ একাংশ বিষয়ববীয়াই ঠিকাদাৰৰ পক্ষ লৈ ভুক্তভোগী লোককেইজনকহে ৰাজহুৱাকৈ ভীতি প্ৰদৰ্শন কৰা বুলি আনএক গুৰুতৰ অভিযোগ তুলিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.