ETV Bharat / state

Raijor Utsav at Amguri: আমগুৰিত ১১ খন প্ৰাথমিক বিদ্যালয়ৰ সৌজনত আয়োজন ৰাইজৰ উৎসৱ - চৰকাৰী বিদ্যালয় ভেঁটি মজবুট কৰা

চৰকাৰী বিদ্যালয়ৰ প্ৰতি শিক্ষাৰ্থীক আগ্ৰহী কৰি তোলাৰ লগতে অভিভাৱকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আমগুৰিত আয়োজন কৰা হয় ৰাইজৰ উৎসৱ (Raijor Utsav held at Amguri) ৷ এই উৎসৱক কেন্দ্ৰ কৰিয়েই হালোৱাটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এক ব্যাপক উৎসাহ হোৱা পৰিলক্ষিত হয় ৷

Raijor Utsav held at Amguri
আমগুৰিত ১১ খন প্ৰাথমিক বিদ্যালয়ৰ সৌজনত আয়োজন ৰাইজৰ উৎসৱ
author img

By

Published : Dec 16, 2022, 4:33 PM IST

আমগুৰিত ১১ খন প্ৰাথমিক বিদ্যালয়ৰ সৌজনত আয়োজন ৰাইজৰ উৎসৱ

আমগুৰি, ১৬ ডিচেম্বৰ : উখল-মাখল আমগুৰিৰ হালোৱাটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ চৌহদ ৷ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ নৃত্য-গীতেৰে মুখৰিত হ’ল হালোৱাটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয় ৷ কিয়নো জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে আয়োজন কৰা হৈছে ৰাইজৰ উৎসৱ (Raijor Utsav held at Amguri) ৷

উল্লেখ্য যে, অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি অসমৰ শিক্ষা ব্যৱস্থা সবল কৰি তোলাৰ হকে শুকুৰবাৰে আয়োজন কৰা হৈছে ৰাইজৰ উৎসৱ ৷ লক্ষ্য চৰকাৰী বিদ্যালয় ভেঁটি মজবুট কৰা (Govt school in Assam) ৷ যাতে বে-চৰকাৰী বিদ্যালয়ৰ তুলনাত চৰকাৰী বিদ্যালয়লৈ শিক্ষাৰ্থী আগমন বৃদ্ধি পায় ৷

অভিভাৱকসকলেও যাতে নিজৰ সন্তানত চৰকাৰী বিদ্যালয়ত পঢ়োৱাবলৈ আগ্ৰহী হয় ৷

শুকুৰবাৰে ৰাইজৰ উৎসৱ উপলক্ষে প্ৰাথমিক বিদ্যালয়খনে আয়োজন কৰা সাংস্কৃতিক কাৰ্যসূচীত চাহ বাগিচা লোকসকলৰ ঝুমুৰ, মিচিং জনগোষ্ঠীৰ ঐনিতম, অসমীয়া সংস্কৃতিৰ বিহু, মুছলমানসকলৰ জিকিৰ আৰু জাৰি আদি প্ৰদৰ্শিত কৰা হয় ।জানিব পৰা মতে, বৰবাম সমল কেন্দ্ৰৰ ১১ খন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

ইফালে ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা সাংস্কৃতিক কাৰ্যসূচী চাবলৈ উক্ত স্থানত কেইবা শতাধিক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : Eighth Falcon Festival in Umrangshu : ডিমা হাছাও জিলাত তিনিদিনীয়াকৈ আয়েজিত ফেলকণ মহোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.