ETV Bharat / state

Gourisagar Puppet Protest: গৌৰীসাগৰৰ ৰাজপথত ৰাৱণৰ প্ৰতিবাদ !

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 11:24 AM IST

গৌৰীসাগৰৰ ৰাজপথত ৰাৱণৰ প্ৰতিবাদ । পুতলা ৰাৱণে সকীয়ালে জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰক । পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবীত ৰাজপথত বিননি জুৰিলে ৰামায়ণৰ কোবাটাও চৰিত্ৰই । সকলো আচৰিত হৈছে নিশ্চয় ! সম্পূৰ্ণ প্ৰতিবেদন প্ৰত্যক্ষ কৰিলেহে প্ৰকৃত সত্য উদ্ঘাটন হ’ব ।

Puppet Protest against Corruption in road construction at Gourisagar Sivasagar
নিৰ্জীব পুতলাৰ মুখত প্ৰতিবাদৰ ভাষা
নিৰ্জীব পুতলাৰ মুখত প্ৰতিবাদৰ ভাষা

আমগুৰি, ১৪ ছেপ্টেম্বৰ : ‘‘মই ৰাৱণে কৈছোঁ ৷ জকাই সত্ৰলৈ যোৱা এই পথটোৰ নিৰ্মাণৰ বাবে আমি প্ৰতিবাদত নামিব লগা হৈছে ৷ এই পথছোৱাৰ কাম অৰ্ধ নিৰ্মিত হৈছে ৷ এই পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আমি দেখিবলৈ পোৱা নাই ৷ সেয়ে আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছো ৷’’

নিৰ্জীৱ পুতলাৰ মুখত প্ৰতিবাদৰ ভাষা । পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে ঐতিহাসিক পুতলাই ৷ বৃহস্পতিবাৰে এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দাঁতিকাষৰীয়া হাতীঘূলি চাবুকধৰা গাঁৱত ।

সকলোৰে জ্ঞাত যে, চাবুকধৰা গাঁৱত অৱস্থিত ঐতিহাসিক জকাই সত্ৰ । এই জকাই সত্ৰত সংৰক্ষিত হৈ আছে স্বাধীনতাৰ পূৰ্বৰ পুতলা নাচ । বিভিন্ন সাংস্কৃতিক চৰ্চাৰ থলী জকাই সত্ৰ বৰ্তমানেও উন্নয়নৰ পৰা বঞ্চিত হৈ অহা চাবুকধৰা গাঁৱত পথ নিৰ্মাণৰ কাৰ্য অব্যাহত আছে ।

মুঠ ১১৫০ মিটাৰ পথৰ জকাই সত্ৰলৈ বাকী থকা ১৫০ মিটাৰ পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ যাৰ ফলত ক্ষুব্ধ হৈ পৰিছে পুতলা নাচৰ পৰিয়াল আৰু স্থানীয় ৰাইজে ৷ সেয়ে এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে সূত্ৰধাৰ, ৰাৱণ, পালি-পহৰীয়া আদি বিভিন্ন পুতলাই ।

দীৰ্ঘদিন ধৰি বঞ্চিত জকাই সত্ৰ সংযোগী পথটোৰ মাত্ৰ ১৫০ মিটাৰ পথছোৱা ষড়যন্ত্ৰৰে নিৰ্মাণকাৰ্য সম্পূৰ্ণ নকৰাৰ অভিযোগ পুতলা নাচৰ পৰিয়াল আৰু স্থানীয় ৰাইজৰ ৷ যাৰ প্ৰতিবাদত জকাই সত্ৰত সংৰক্ষিত ঐতিহাসিক পুতলা নাচৰ দ্বাৰা জিলা প্ৰশাসন তথা চৰকাৰক উপহাস কৰি এইদৰে পুতলা নাচৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

এই প্ৰতিবাদৰ দ্বাৰা ১১৫০ মিটাৰ পথৰ মাত্ৰ ১৫০ মিটাৰ পথ শীঘ্ৰেই নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Bhut jolokia cultivation: ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বিতাৰ পথত ডেউকা মেলিছে ধেমাজিৰ বহু যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.