আমগুৰি, ২১ নৱেম্বৰ: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চৰ আমগুৰি আঞ্চলিকৰ উদ্যোগত চহৰ খনৰ বিভিন্ন দেৱালত অখিল গগৈ ফটো অংকণ কৰি কৃষক নেতা জনৰ মুক্তিৰ দাবী তুলিলে চিত্ৰ শিল্পীয়ে ৷ দেৱালত 'মুকলি কৰি দিবলৈ কিয় ভয় কৰিছা ? বুলি লিখি ক্ষোভ প্ৰকাশ কৰিলে চিত্ৰ শিল্পীয়ে ৷
ইপালে সংগঠনৰ নেতৃত্বই অখিল গগৈৰ ফটো খনলেও বৰ্তমানৰ সোণোৱাল চৰকাৰে ভয় কৰে বুলি মন্তব্য় প্ৰকাশ কৰে ৷ তদুপৰি কৃষক নেতা জনক মুক্তিৰ দাবী তুলি আগন্তুক দিনত অসমৰ প্ৰতিখন দেৱালত অখিল গগৈৰ ফটো অংকণ কৰা হ'ব বুলি সকিয়াই দিয়ে ছাত্ৰ সংগঠনটোৱে।