আমগুৰি,15 ফেব্ৰুৱাৰী: চাহ শ্ৰমিকসকলক চৰকাৰে বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিবলৈ ওলাই আহিল আমগুৰিৰ টিফুক চাহ বাগিছাৰ শতাধিক মহিলা শ্ৰমিক ৷ ক্ষুব্ধ মহিলাসকলৰ অভিযোগ অনুসৰি ধন পুৰস্কাৰ মেলা আঁচনিৰ নামত চাহ শ্ৰমিকসকলক বঞ্চনা কৰিছে বিজেপি চৰকাৰে ৷ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদকাৰী মহিলা শ্ৰমিকসকলে দৈনিক মজুৰি বৃদ্ধিৰ দাবী উত্থাপন কৰাৰ লগতে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ সংবাদদাতা সমীৰণ দুৱৰাৰ এক প্ৰতিবেদন -
লগতে পঢ়ক: ৰাহুল গান্ধী শিৱসাগৰলৈ আহি ভুল কৰিলে: হিমন্ত বিশ্ব শৰ্মা