ETV Bharat / state

নাজিৰাত প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 21, 2021, 7:33 PM IST

কংগ্ৰেছক উদ্ধাৰৰ বাবে ৰাজ্যত পুনৰ উপস্থিত হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰী তথা কংগ্ৰেছ তনয়া প্ৰিয়ংকা গান্ধী ৷ দেওবাৰে নাজিৰাৰ জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত প্ৰচাৰ সভাত নাজিৰা সমষ্টিৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ হৈ প্ৰচাৰ চলালে নেত্ৰী গৰাকীয়ে ৷

নাজিৰাত প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ
নাজিৰাত প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

নাজিৰা,২১ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজনীতি দলসমূহে চলাইছে নিৰ্বাচনী ৰণডংকা । ষ্টাৰ কেম্পেইনাৰৰ ৰূপত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰে ভৰি পৰিছে অসম ৷ শাসক-বিৰোধী উভয়ে চলাই গৈছে নিজৰ নিজৰ প্ৰচাৰ ৷ কংগ্ৰেছক উদ্ধাৰৰ বাবে ৰাজ্যত পুনৰ উপস্থিত হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰী তথা কংগ্ৰেছ তনয়া প্ৰিয়ংকা গান্ধী ৷ দেওবাৰে নাজিৰাৰ জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত প্ৰচাৰ সভাত নাজিৰা সমষ্টিৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ হৈ প্ৰচাৰ চলালে নেত্ৰী গৰাকীয়ে ৷

ভাষণ প্ৰসংগত নেত্ৰী গৰাকীয়ে বিজেপিক সমালোচনা কৰি কয়, বিগত পাঁচটা বছৰত বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি এটাও পালন নকৰিলে ৷ বৰং অসমৰ আপুৰুগীয়া সম্পদসমূহে বিক্ৰী কৰিলে চৰকাৰখনে ৷ অসম চৰকাৰক দুজনকৈ মুখ্যমন্ত্ৰী থকা চৰকাৰ বুলি অভিহিত কৰি নেত্ৰী গৰাকীয়ে কয়, এইখন চৰকাৰ নহয়, ইঞ্জিনহে ৷ গতিকে ইয়াক চলাবলৈ প্ৰধানয়ে চাবি হিচাপে কাম কৰি আছে ৷

চাহ বাগিচাৰ লোকসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা কৈ নেত্ৰী গৰাকীয়ে কয়, কথাৰ ফুলজাৰিৰে চৰকাৰ গঠন কৰিলে সঁচা ৷ কিন্তু উন্নয়নৰ দিশ শূণ্য ৷ মহিলাৰ বাবে উজ্বলা আঁচনি দিছে, কিন্তু ধনৰ অভাৱত আৰু মূল্যবৃদ্ধিৰ বাবে খৰিৰ জুইত খাদ্য প্ৰস্তুত কৰিবলগীয়া হৈছে ৷ পূৰ্বে হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ দৰে নেতাই কংগ্ৰেছক নেতৃত্ব দিছিল ৷ কিন্তু কেতিয়াও চাহ জনগোষ্ঠীৰ লোকক অৱজ্ঞা কৰি নাছিল ৷

লগতে পঢ়ক: মাইক্ৰ’ফাইনেঞ্চৰ ধন ৰেহাইৰ আশ্বাস বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.