ETV Bharat / state

Constituency Delimitation: শিৱসাগৰত উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ সংবাদ মেল; প্ৰতিবাদী কাৰ্যসূচী ঘোষণা - Constituency Delimitation

সমষ্টি পুনৰ নিৰ্ধাৰণ তথা সমষ্টিৰ বিলুপ্তি কৰণ সন্দৰ্ভত শিৱসাগত উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ সংবাদ মেল ৷ সংবাদমেলত উজনিৰ খিলঞ্জীয়া লোকৰ সমষ্টি বিলুপ্তি ঘটোৱাৰ লগতে নামনিত সমষ্টি বৃদ্ধিক লৈ প্ৰশ্ন উত্থাপন কৰে উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ সম্পাদক বসন্ত গগৈয়ে ৷

Press Meet in Sivasagar
উজনি অসম সমষ্টি সুৰক্ষা সমিতি
author img

By

Published : Jun 26, 2023, 6:50 PM IST

উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ সংবাদ মেল

শিৱসাগৰ, 26 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়াৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত সমষ্টিৰ বিলুপ্তিকৰণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একাধিক দল-সংগঠন তথা সমষ্টিবাসী ৰাইজ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ তথা সমষ্টিৰ বিলুপ্তি কৰণ সন্দৰ্ভত শিৱসাগৰ নগৰৰ এ.টি ৰোডস্থিত কলিতা পেলেচত উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ সংবাদ মেল ৷

সংবাদমেলত উজনিৰ খিলঞ্জীয়া লোকৰ সমষ্টি বিলুপ্তি ঘটোৱাৰ লগতে নামনিত সমষ্টি বৃদ্ধিক লৈ প্ৰশ্ন উত্থাপন কৰে উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ সম্পাদক বসন্ত গগৈয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ নামত 2011 চনৰ লোকপিয়লৰ ওপৰত সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰি বসন্ত গগৈয়ে কয় যে 2026 চনত যিহেতু সমগ্ৰ ভাৰততে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ব 2021 চনৰ লোকপিয়লৰ ভিত্তিত ৷ তেন্তে কি ৰহস্যজনক কাৰণত খৰধৰকৈ ৰাজ্যত এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে বুলি প্ৰশ্ন কৰে তেওঁ ৷

লগতে নেতাজনে কয় যে, যদি খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে তেন্তে আমগুৰি আৰু লাহোৱাল সমষ্টি কিয় বিলুপ্ত কৰা হৈছে ৷ যদি এই দুই সমষ্টিত বহিৰাগত কোনো লোক আছে, যি সকলৰ দ্বাৰা খিলঞ্জীয়া সুৰক্ষিত নহয় তেন্তে আমাক দেখুৱাই দিয়ক বুলি গগৈয়ে প্ৰত্যাহ্বান জনায় ৷ চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত খিলঞ্জীয়াক প্ৰৱঞ্চনা কৰাৰ কথা উল্লেখ কৰি বৰ অসমক শ শ বছৰ ৰাজত্ব কৰা শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই আন্দোলনক মুখ্যমন্ত্ৰীয়ে দৃষ্টি দিয়া উচিত বুলি কয় তেওঁ ৷ কিয়নো চৰকাৰে যদি খিলঞ্জীয়া লোকৰ প্ৰতিবাদৰ প্ৰতি চকু নিদিয়ে তেন্তে এই আন্দোলনে সমগ্ৰ অসম সাঙুৰি লব বুলিও গগৈয়ে সংবাদ মেলত হুংকাৰ দিয়ে ৷

এই সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাইজক সজাগ আৰু একত্ৰিত কৰাৰ বাবে এলানি আন্দোলনৰ কাৰ্যসূচী সুৰক্ষা সমিতিয়ে ঘোষণা কৰে ৷ সেই অনুসৰি অহা 30 জুনত শিৱসাগৰত গণ অৱস্থান, 4 জুলাইত মটৰ চাইকেল ৰেলী আৰু 11 জুলাইৰ আগত প্ৰতিবাদী গণ সমাৱেশ উজনি অসম সমষ্টি সুৰক্ষা সমিতিয়ে অনুষ্ঠিত কৰিব বুলি সোমবাৰে সংবাদ মেলত সদৰী কৰে ৷ আনহাতে সুৰক্ষা সমিতিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক গোচৰ তৰাৰ প্ৰস্তুতি চলাইছে বুলিও অৱগত কৰে ৷ 3 জুলাই তাৰিখে উচ্চতম ন্যায়ালয় খোলাৰ পাছতে এই গোচৰ তৰা হ'ব বুলি জানিবলৈ দিয়ে সমিতিৰ বিষয়ববীয়াসকলে ৷

লগতে পঢ়ক: Meera Borthakur Goswami Slams BJP: BJP চৰকাৰক তুলা-ধুনা মীৰা বৰঠাকুৰ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.