আমগুৰি,১৪ মাৰ্চ: আমগুৰি সমষ্টিত সংঘাত আঁতৰিল অগপ-বিজেপিৰ । শিৱসাগৰৰ আমগুৰি সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ বাসগৃহত অনুষ্ঠিত হয় অগপ-বিজেপি মিত্ৰজোঁটৰ এখন গুৰুত্বপূৰ্ণ সংবাদমেল । এই সংবাদমেলত মূলতঃ আমগুৰি সমষ্টিত বিজেপিৰ ১০০+ মিচন সম্পূৰ্ণ কৰাৰ নীতি গ্ৰহণ কৰা হয় । প্ৰদীপ হাজৰিকাৰ বাসগৃহত অনুষ্ঠিত সংবাদমেলত দুয়োটা দ'লৰ বিষয়ববীয়াসকলে ২১ ৰ নিৰ্বাচনত প্ৰাৰ্থীগৰাকীক বিজয় সাব্যস্ত কৰিবলৈ সংকল্প গ্ৰহণ কৰে ।
সংবাদমেলতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ৫ বছৰীয়া কাৰ্যকালত আমগুৰি সমষ্টিত অগপৰ বিধায়ক প্ৰদীপ হাজৰিজাই ৰূপায়িত কৰা কামৰ খতিয়ানৰ লগতে সমষ্টিবাসী ৰাইজলৈ গোহাৰি প্ৰকাশ কৰে । সংবাদমেলত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা, আমগুৰি সমষ্টিৰ প্ৰভাৰী বিজেপিৰ ছত্তিশগড়ৰৰ প্ৰাক্তন সাংসদ বলোৰাম তিৱাৰীৰ লগতে দুয়োটা দলৰ নেতৃবৃন্দ উপস্থিত থাকে।
লগতে পঢ়ক:টিংখাঙত শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত