ETV Bharat / state

কাইলৈ গৰু বিহু ... ন পঘাৰে গৰুক গা-ধুৱাবলৈ প্ৰস্তুতি চলাইছে চহা অসমীয়াই - প্ৰস্তুতি

গৰু বিহুত প্ৰয়োজনীয় সকলো সা-সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰীৰ বাবে মুকলি কৰি আহিছে ডিমৌৰ সোণাৰাম দিহিঙীয়াই

গৰু বিহুৰ প্ৰস্তুতি
author img

By

Published : Apr 13, 2019, 11:33 AM IST

শিৱসাগৰ, 13 এপ্ৰিল : লাও খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা.... কাইলৈ গৰু বিহু ৷ চেনেহৰ ৰঙালীক উদযাপন কৰিবলৈ সাজু ৰাজ্যবাসী ৷ আজোককাৰ দিনৰ পৰা চলি অহা পৰম্পৰা ৰক্ষাৰে কাইলৈ গৰুক গা ধুৱাই উদযাপন কৰা হ'ব গৰু বিহু । গৰু বিহু উপলক্ষে গৰুলৈ তৰাৰ পঘা, বাঁহৰ চাক বনোৱাত ব্যস্ত ডিমৌৰ কাষৰীয়া অঞ্চলৰ চহা কৃষক সোণাৰাম দিহিঙীয়া ৷ ডিমৌৰ নৈ পাৰৰ পৰা তৰা কাটি আনি সেইবোৰ ফালি চুচি পঘা তৈয়াৰৰ সমান্তৰালকৈ বাৰীৰ বিজুলী বাঁহ কাটি আনি সাজিছে চাক ।

গৰু বিহুৰ প্ৰস্তুতি

এনেদৰে গৰু বিহুত প্ৰয়োজনীয় সকলো সা-সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছে সোণাৰাম দিহিঙীয়াই ৷ এইবেলি তেওঁ পাঁচশ পঘা, তিনিশ চাক সাজু কৰি উলিয়াইছে বিক্ৰীৰ বাবে । তেওঁৰ ঘৰৰ পৰাই গৰু বিহুৰ বাবে প্ৰয়োজনীয় পঘা, চাক সংগ্ৰহ কৰাৰ লগতে ডিমৌ, নিতাই পুখুৰীত উৰুকাৰ বজাৰতো বিক্ৰী কৰিবলৈ সাজু হৈছে তেওঁ ৷

*গৰু গা বিহু-সাজু বিহুৰ পঘা-ব্যস্ত শিল্পী-ক্ৰেতা*

Story-GORU_POGHA
Ananta Smith
Sivasagar
13th April
Sivasagar

A_SVR_13TH_APR_801-806_GORU_POGHA_ANANTA

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন, দেওবাৰে গৰু বিহু, এতিয়া সকলো অসমীয়া সাজু ৰঙালীক উদযাপন কৰিবলৈ। গৰু বিহু দিনা গৰুক এডাল তৰাৰ পঘা উপহাৰ দিয়া অসমীয়াৰ এটা পৰম্পৰা। পুৱা মাখিয়তিয়ে পিঠিত মৰমেৰে কোব বোলাই লাও, বেঙেনা, থেকেৰা খা কৈ গৰুক গা ধুৱাই গৰু বিহু পালন কৰা হয়। এতিয়া গৰুলৈ তৰাৰ পঘা, বাঁহৰ চাক বনোৱাত ব্যস্ত ডিমৌৰ কাষৰীয়া এই গৰাকী চহা কৃষক সোনাৰাম দিহিঙীয়া। গৰু বিহু প্ৰয়োজনীয় সকলো সা-সামগ্ৰী এওঁ তৈয়াৰ কৰে। ডিমৌ নৈ পাৰৰ পৰা তৰা কাটি আনি সেইবোৰ ফালি চুচি তেওঁ তৈয়াৰ কৰিছে পঘা। ইফালে বাৰীৰ বিজুলি বাঁহ কাটি পাব পাব কৰি সাজিছে চাক। এইবাৰ তেওঁ পাঁচশ পঘা, তিনিশ চাক সাজু কৰিছে। এতিয়া গাঁৱৰ ৰাইজে তেওঁৰ ঘৰৰ পৰাই পঘা, চাক সংগ্ৰহ কৰাৰ লগতে ডিমৌ, নিতাইপুখুৰীত উৰুকাৰ বজাৰত বিক্ৰী কৰিবলৈ সোনাৰাম দিহিঙীয়া সাজু হৈছে।

Bite1-ব্যৱসায়ী
Bite2-গ্ৰাহক
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.