ETV Bharat / state

Dikhow River pollution: প্ৰদূষণৰ কৱলত দিখৌ নৈ; আতংকিত ৰাইজ

author img

By

Published : Apr 8, 2023, 12:33 PM IST

Updated : Apr 8, 2023, 2:07 PM IST

কলুষিত হৈছে দিখৌ নৈৰ পানী (Dikhow River pollution)। একাংশ অসাধু চক্ৰই নৈত কয়লাৰ আৱৰ্জনা পেলোৱাৰ অভিযোগ উঠিছে । জলজ প্ৰাণী আৰু নৈপৰীয়া ৰাইজৰ প্ৰতি আহিছে ভাবুকি । প্ৰশাসনক তদন্তৰ দাবী ।

Dikhow River pollution
প্ৰদূষণৰ কৱলত দিখৌ নৈ

প্ৰদূষণৰ কৱলত দিখৌ নৈ

আমগুৰি,৮ এপ্ৰিল : নগালেণ্ডৰ পৰা বৈ আহি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱা দিখৌ নদী ভয়ংকৰ প্ৰদূষণৰ কৱলত পৰিছে (Dikhow river in the grip of pollution)। সলনি হৈছে নৈৰ পানীৰ ৰং । স্বচ্ছ পানীৰ সলনি দিখৌ নৈৰ পানীৰ ৰং হৈছে গাঢ় নীলা । যাক লৈ শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । নগা পাহাৰৰ পৰা বৈ অহা নদীখনৰ পানীৰ ৰং সলনি হোৱাৰ লগে লগে জলজ প্ৰাণীৰ প্ৰতিও ভাবুকি নামি আহিছে ।

উল্লেখ্য যে প্ৰায় দুদিন পূৰ্বৰে পৰা দিখৌ নৈৰ পানীৰ ৰং সলনি হৈছে । হঠাৎ পানীৰ ৰং গাঢ় নীলা হৈ পৰিছে (Colour of water of Dikhow River has changed)। নৈখন প্ৰদূষণৰ কৱলত পৰা বুলি সন্দেহ কৰিছে ৰাইজে । ফলত দিখৌ নদীৰ মাছ,কাছ, শিহুকে ধৰি জলচৰ প্ৰাণীৰ প্ৰতি ভাবুকি নামি আহিছে । নগা পাহাৰৰ পৰা নামি অহা নৈখনত কয়লাৰ আৱৰ্জনাসমূহ পেলাই দিয়াৰ ফলতেই নদীৰ পানী দূষিত হৈ গাঢ় নীলা হ'ব পাৰে বুলি বহুতে সন্দেহ কৰিছে ।

কয়লাৰ আৱৰ্জনাই পানী দূষিত কৰাৰ বাবে জলজ প্ৰাণী মৃত্যুমুখত পৰাৰ লগতে নৈপৰীয়া মানুহলৈও আহিছে ভাবুকি (People scared over Dikhow river pollution)। লক্ষ্যনীয়ভাৱে বাৰিষাৰ আৰম্ভণিতে অসাধু ব্যৱসায়ীয়ে দিখৌ নদীত এনেদৰে কয়লাৰ আৱৰ্জনা পেলাই প্ৰতি বছৰে জলজ প্ৰাণীলৈ ভাবুকি কঢ়িয়াই আনিছে । কিন্তু জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া জীৱকুললৈ চৰম ভাবুকি নামি আহিছে ।

স্থানীয় লোকে জনোৱা মতে প্ৰতি বছৰেই প্ৰথমটো বাৰিষাত দিখৌ নদীৰ পানীৰ ৰং সলনি হয় । বিভিন্ন সময়ত নদীখনে দূষিত পানী বোৱাই অনাৰ ফলত মাছ, কাছ আদিৰ মৃত্যু হয় ।

ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনদী হিচাবে খ্যাত দিখৌ নৈ নাগালেণ্ড ৰাজ্যৰ ১৮২৩ মিঃ উচ্চতাৰ খোমি নামৰ ঠাইৰ পৰা উৎপত্তি হৈছে (Dikhow river in Assam)। ই লংগা নামেৰে তাৰ পৰা বৈ আহিছে । উল্লেখ্য যে নাগালেণ্ডৰ লংগা নামেৰে উত্তৰ-পশ্চিম দিশত এই নদীখন ২০ কিঃমিঃ আহি উত্তৰ-পূবমুৱা হৈ বৈ আহিছে । এইদৰে ২৫ কিঃমিঃ আহি চিমংচি নৈৰ লগ লাগি নতুন নাম লয় তেজলা বা নংগা বা দিখৌ । তাৰ পৰা এটা গিৰিখাটেদি ৩৫ কিঃমিঃ আহি প্ৰধান উপনৈ য়াংমুনৰ সৈতে লগ লাগে । ইয়াৰ পৰা নৈ খনে টুৱেনচাং আৰু মন জিলাৰ উত্তৰ দিশেদি ১৮ কি:মি: আহি নাগালেণ্ডৰ নাগিনীমৰাৰ পৰা ২ কিঃমিঃ দক্ষিণত ছেতাপ নৈৰ লগ লাগি শিৱসাগৰ জিলাত প্ৰৱেশ কৰে ।

শিৱসাগৰৰ নাগিনীমৰাৰ পৰা দিখৌ নৈখনে বৈ আহি চন্টক নৈৰ লগ হয় । চন্টকৰ পৰা দিখৌ নদীখন উত্তৰ-পশ্চিমমুৱা হৈ নাগিনীমৰা-শিমলুগুৰি ৰে'লপথৰ কাষেদি ১৬ কিঃমিঃ নাজিৰা নগৰৰ পূৱে দিখৌমুখৰ পৰা ৪ কিঃমিঃ পূৱত দেওঘৰীয়াৰ ওচৰত ব্ৰহ্মপুত্ৰত পৰিছে । প্ৰায় ২০০ কি:মি: দৈঘ্যৰ নদীখনৰ বৰ্তমানৰ অৱস্থাই চিন্তিত কৰি তুলিছে সচেতন লোকক । প্ৰত্যেক বছৰে নদীখনৰ ওপৰত চলা এনে অত্যাচাৰ, নদীখনৰ অস্তিত্বৰ প্ৰতি ভাবুকি নমাই অনা কাৰ্যক সচেতন লোকসকলে গৰিহণা দিয়াৰ লগতে ইয়াৰ সঠিক তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক :Assam Covid update: দেশত পুনৰ ক'ভিডৰ দ্ৰুত সম্প্ৰসাৰণক লৈ স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

Last Updated : Apr 8, 2023, 2:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.