ETV Bharat / state

শিৱসাগৰৰ পাঁচটা পৌৰ নিকায় দখলৰ বাবে সাজু শাসক-বিৰোধী - শিৱসাগৰত পৌৰ নিৰ্বাচনৰ প্ৰস্তুতি

পৌৰ নিৰ্বাচনৰ(Assam Municipal Election 2022) দিন ঘোষণাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ শিৱসাগৰৰ পাঁচটা পৌৰ নিকায় দখলৰ বাবে উঠি পৰি লাগিছে বিজেপি, কংগ্ৰেছৰ লগতে ৰাইজৰ দল ৷ শাসকীয় পক্ষই উন্নয়নক নিৰ্বাচনৰ ইছ্যুৰূপে লোৱাৰ বিপৰীতে বিৰোধী শিৱিৰে দুৰ্নীতি, অৰ্থনৈতিক মন্দাৱস্থা, ভুৱা এনকাউণ্টাৰ আদি বিষয়সমূহক ইছ্যুৰূপে গ্ৰহণ কৰিছে ।

political parties gear up at sivasagar before Municipal Election
শিৱসাগৰৰ পাঁচটা পৌৰ নিকায় দখলৰ বাবে সাজু শাসক-বিৰোধী
author img

By

Published : Feb 11, 2022, 12:56 PM IST

শিৱসাগৰ, 11 ফেব্ৰুৱাৰী : অসমৰ পৌৰ নিৰ্বাচনৰ(Assam Municipal Election 2022) দিন ঘোষণা কৰাৰ লগে লগে (Election Commission announced Assam Municipal Election date) আৰম্ভ হৈছে পৌৰ নিকায় দখলৰ তৎপৰতা । ৰাজনৈতিক দলসমূহৰ লগতে ব্যক্তি বিশেষে পৌৰ নিৰ্বাচনত অংশ লোৱাৰ কুচকাৱাজ আৰম্ভ কৰিছে ।

শিৱসাগৰৰ পাঁচটা পৌৰ নিকায় দখলৰ বাবে সাজু শাসক-বিৰোধী

শিৱসাগৰ জিলাত এইবাৰ শিৱসাগৰ পৌৰসভা, আমগুৰি পৌৰসভা, ডিমৌ পৌৰসভা, নাজিৰা পৌৰসভা আৰু শিমলুগুৰি পৌৰসভাৰ বাবে অনুষ্ঠিত হ'ব পৌৰ নিৰ্বাচন ।শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত ৩২,৮৬৮ গৰাকী ভোটাৰে শিৱসাগৰ পৌৰসভাৰ ১৪ টা ৱাৰ্ডৰ পৌৰ নিকায় প্ৰতিনিধি নিৰ্বাচন কৰাৰ বিপৰীতে ডিমৌ আৰু আমগুৰি পৌৰসভাৰ ক্ৰমে ৬,১৯০ আৰু ৬,০৬০ গৰাকী পৌৰ ভোটাৰে পৌৰ নিকায় প্ৰতিনিধি নিৰ্বাচনৰ বাবে ভোটদান কৰিব (Municipal Election 2022 in Sivasagar) ।

১৪ টা ৱাৰ্ড সম্বলিত শিৱসাগৰ পৌৰসভা দখলৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহে ৰণকৌশল আৰম্ভ কৰিছে ৷ আগন্তুক শিৱসাগৰ পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু ৰাইজৰ দলে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰদানৰ বিপৰীতে কংগ্ৰেছ দলে অসম জাতীয় পৰিষদৰ সৈতে বুজাবুজি কৰি প্ৰাৰ্থী প্ৰদানৰ সম্ভাৱনা আছে ।

প্ৰাৰ্থী নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়ত এখন প্ৰাৰ্থী বাচনি সভা অনুষ্ঠিত হয় । শিৱসাগৰ পৌৰসভাৰ ১৪ টা ৱাৰ্ডৰ বাবে সভাসমূহে প্ৰাৰ্থী চূড়ান্ত কৰিব বুলি জানিব পৰা গৈছে । সেইদৰে ৰাইজৰ দল আৰু কংগ্ৰেছ দলেও নিজ নিজ প্ৰাৰ্থী প্ৰায় চূড়ান্ত কৰিছে ।

আনহাতে, আগন্তুক পৌৰ নিৰ্বাচনত একাংশ ব্যক্তি নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ বাবে সাজু হৈছে । মুঠৰ ওপৰত শিৱসাগৰ জিলাৰ পাঁচখন পৌৰসভাৰ বাবে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ ভোটৰ যুদ্ধৰ বাবে সাজু হৈছে সকলো । শাসকীয় পক্ষই উন্নয়নক নিৰ্বাচনৰ ইছ্যুৰূপে লোৱাৰ বিপৰীতে বিৰোধী শিৱিৰে দুৰ্নীতি, অৰ্থনৈতিক মন্দাৱস্থা, ভুৱা এনকাউণ্টাৰ আদি বিষয়সমূহক ইছ্যুৰূপে গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : Assam Municipal Election 2022: ৬ মাৰ্চত ৰাজ্যৰ ৮০ খন পৌৰসভাৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.