আমগুৰি,১৩ জুন :অন্যান্য সামগ্ৰীৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে পোৰা ম'বিলৰ চোৰাং বেহা (Smuggling of burnt Mobil oil)। আৰক্ষীৰ চকুত ধূলি দি চোৰাং বেপাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথেৰেই দৈনিক সৰবৰাহ কৰি আহিছে পোৰা ম'বিল । শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাত দুষ্ট চক্ৰই নিৰ্বিঘ্নে চলাই আহিছে পোৰা ম’বিলৰ এখন ক’লা বজাৰ। ইয়াৰ মাজতে দেওবাৰে নিশা শিৱসাগৰৰ গৌৰীসাগৰত আৰক্ষীয়ে চোৰাং পোৰা ম'বিলসহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ।
গৌৰীসাগৰ আৰক্ষীৰ অভিযানত জব্দ হয় 39 ড্ৰাম চোৰাং পোৰা ম'বিলভৰ্তি এখন ট্ৰাক । নিশা প্ৰায় ১-৩০ বজাত AS 01 FC 6741 নম্বৰৰ ছয়চকীয়া ট্ৰাকখনত চোৰাং পোৰা ম'বিলখিনি শিৱসাগৰৰ পৰা যোৰহাটৰ দিশেৰে লৈ যোৱা হৈছিল । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গৌৰীসাগৰ আৰক্ষীয়ে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বহাইছিল নাকা তালাচী । নাকা তালাচীৰ সময়তে সেই পথেৰে পাৰ হ‘ব বিচৰা ট্ৰাকখনক ৰবলৈ নিৰ্দেশ দিয়ে যদিও নিৰ্দেশনা নামানি ট্ৰাকখনে সেই স্থানৰ পৰা পলায়নৰ চেষ্টা কৰে ।
ইয়াৰ পাছতে আৰক্ষীয়ে খেদি গৈ আবদ্ধ কৰে চোৰাং পোৰা ম'বিলৰ ড্ৰাম কঢ়িওৱা ট্ৰাকখন (Police seize truck with illegal burnt mobil oil) । আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকচালক মজিদ আলীক আটক কৰি সবিশেষ উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
উল্লেখ্য যে জিলাখনৰ মাজেদি পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দীৰ্ঘদিনৰ পৰা বিভিন্ন সামগ্ৰীৰ চোৰাং সৰবৰাহ চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । সেয়েহে এইক্ষেত্ৰত আৰক্ষীৰ কঠোৰ ভূমিকা দাবী কৰিছে সচেতন লোকসকলে ।
লগতে পঢ়ক:সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰে বৈঠক বিত্তমন্ত্রী অজন্তা নেওগৰ