ETV Bharat / state

Constituency delimitation: আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ক্ষোভ জনতাৰ; বিধায়কক সকীয়নি

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা ৷ কোনোবা সন্তুষ্ট আন কোনোবা অসন্তুষ্ট ৷ জনতা-জনপ্ৰতিনিধি সকলোৰেই ব্যাপক প্ৰতিক্ৰিয়া ৷ কাৰোবাৰ সমষ্টি সলনি হ’ব ! কোনো কোনো নেতাৰ সমষ্টি নোহোৱা হ’ব ! কাৰ কপাল ফুলিব কাৰ কপাল ফুটিব ? সৰ্বত্ৰে এতিয়া কেৱল সেয়াই চৰ্চা ৷ আমগুৰিতো ৰাইজৰ ক্ষোভ সমষ্টি বিলুপ্তিৰ সিদ্ধান্তক লৈ ৷

author img

By

Published : Jun 23, 2023, 7:36 PM IST

decision to abolish Amguri constituency
People protest in Amguri
আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ক্ষোভ জনতাৰ

আমগুৰি, 23 জুন: নিৰ্বাচন আয়োগৰ খচৰা মতে বিলুপ্ত হ’ব 103 নং আমগুৰি সমষ্টি ৷ তাৰ স্থানত নতুন এটা সমষ্টিৰ প্ৰস্তাৱ দিয়া হৈছে শিৱসাগৰত ৷ সেয়া হ’ল ডিমৌ সমষ্টি ৷ কিন্তু আমগুৰি সমষ্টিৰ বিলুপ্তিৰ সিদ্ধান্তৰ বিৰোধিতা বহু দল-সংগঠন তথা স্থানীয় ৰাইজৰ ৷ কোনো কাৰণতে সমষ্টিটো বিলুপ্তি ঘটাবলৈ দিয়া নহ’ব বুলি হুংকাৰ ৰাইজৰ ৷ ২৪ জুনত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত আমগুৰিবাসীৰ ৷

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য মতে 1951 চনত প্ৰথমজন বিধায়ক নিৰ্বাচিত হৈছিল আমগুৰিৰ পৰা ৷ বৰ্তমানলৈকে সমষ্টিটোৰ বিধায়কসকল হ’ল-

  • 1951 ত বিধায়ক নিৰ্বাচিত ৰবীন কাকতি
  • 1957 ত বিধায়ক নিৰ্বাচিত খগেন্দ্ৰ নাথ বৰবৰুৱা
  • 1962 ত বিধায়ক নিৰ্বাচিত খগেন বৰবৰুৱা
  • 1967 চনত বিধায়ক নিৰ্বাচিত পুষ্পধৰ চলিহা
  • 1972 চনত বিধায়ক নিৰ্বাচিত পুষ্পধৰ চলিহা
  • 1978 চনত বিধায়ক নিৰ্বাচিত খগেন বৰবৰুৱা
  • 1983 চনত বিধায়ক নিৰ্বাচিত কীৰ্তি দত্ত
  • 1985, 1996, 2006, 2016 আৰু 2021 চনত বিধায়ক নিৰ্বাচিত প্ৰদীপ হাজৰিকা
  • 1991, 2001, 2011 চনত বিধায়ক নিৰ্বাচিত অঞ্জন দত্ত

কিন্তু বৰ্তমান এই সমষ্টিটো বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰাত ক্ষুব্ধ হৈছে সমষ্টিবাসী ৷ কিন্তু কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত আৰু বৰ্তমানৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ ভূমিকাক লৈও ক্ষুব্ধ সমষ্টিটোৰ লোকসকল ৷ আমগুৰি সমষ্টি বিলুপ্তিৰ বিষয়টোৰ পৰা অংকিতা দত্ত পলায় ফুৰিছে বুলি কটাক্ষ ৰাইজৰ ৷

লগতে পঢ়ক: Constituency delimitation: নিৰ্বাচন আয়োগৰ খচৰাত শতাধিক সমষ্টিত খিলঞ্জীয়াৰ আধিপত্য

সমষ্টিবাসীক প্ৰতাৰণা নকৰিবলৈও ৰাইজৰ আহ্বান বিধায়ক প্ৰদীপ হাজৰিকাক ৷ প্ৰদীপ হাজৰিকাই আমগুৰি এৰি বেলেগ সমষ্টিত পদাৰ্পণ কৰিব বুলি সন্দেহ প্ৰকাশ প্ৰতিবাদকাৰী । এনে কৰিলে ইতিহাসে হাজৰিকাক ক্ষমা নকৰিব বুলি মন্তব্য ৰাইজৰ । সমষ্টিটো বিলুপ্ত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰেও ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় ৷ অসমীয়া যুৱ মঞ্চ, সদৌ টাই ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয় পৰিষদকে ধৰি বহুকেইটা জাতীয় সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.