ETV Bharat / state

আমগুৰিৰ কণ্টেইনমেন্ট জ'নত অৰাজকতা - কণ্টেইনমেন্ট জ'ন

বিশেষ অসুবিধাৰ সন্মুখীন হৈছে শিৱসাগৰ জিলাৰ আমগুৰি চহৰৰ 2 নং বাৰ্ডৰ কণ্টেইনমেন্ট জ'নত থকা লোকসকল ৷ যোৱা 7 দিনে দুৰ্ভোগ ভুগি থকা সেই অঞ্চলৰ লোকৰ এবাৰলৈয়ো খবৰ ল'বলৈ নাহিল, কোনো জন প্ৰতিনিধি কিম্বা জিলা প্ৰশাসনৰ লোক ৷

আমগুৰিৰ কণ্টেইনমেন্ট জ'ন
আমগুৰিৰ কণ্টেইনমেন্ট জ'ন
author img

By

Published : Jul 20, 2020, 1:51 PM IST

আমগুৰি, 20 জুলাই: শিৱসাগৰ জিলাৰ আমগুৰি চহৰৰ 2 নং বাৰ্ডৰ কণ্টেইনমেন্ট জ'নত থকা লোকসকল সন্মুখীন হৈছে বিশেষ অসুবিধাৰ ৷ দীৰ্ঘদিনে কণ্টেইনমেন্ট জ'নত থকাৰ বাবে সেই অঞ্চলৰ লোকসকল যাব পৰা নাই বাহিৰলৈ ৷ যাৰ বাবে তেওঁলোকৰ মাজত দেখা দিছে অভাৱে ৷ বিগত এসপ্তাহে অঞ্চলটোৰ প্ৰায় 24 টা পৰিয়াল আৱদ্ধ হৈ আছে নিজৰ গৃহতে ৷

অসুবিধাৰ সন্মুখীন আমগুৰিৰ কণ্টেইনমেন্ট জ'নত থকা বাসিন্দাসকল

সোমবাৰে এই বিষয়ক লৈ ক্ষোভ উজাৰে স্থানীয় লোকসকলে ৷ তেওঁলোকে অভিযোগ কৰা অনুসৰি, যোৱা 7 দিনে দুৰ্ভোগ ভুগি থকা সেই অঞ্চলৰ লোকৰ এবাৰলৈয়ো খবৰ ল'বলৈ নাহিল কোনো জনপ্ৰতিনিধি কিম্বা জিলা প্ৰশাসনৰ লোক ৷ ৰাইজে বহুবাৰ ফোনযোগে তেওঁলোকৰ অসুবিধাৰ ভিন্ন কাৰণ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও, আজি পৰ্যন্ত তেওঁলোকৰ বাব কোনোৱে নল'লে বিহীত ব্যৱস্থা ৷ আনকি বাহিৰলৈ ওলাই যাব নোৱাৰাৰ ফলত আৰ্থিক সমস্যাৰ লগতে খাদ্যৰ অনাটনেও বিৰাজ কৰিছে লোকসকলৰ মাজত ৷ তথাপিও সেই অঞ্চলৰ লোকক জিলা কৰ্তৃপক্ষ আৰু স্থানীয় জন প্ৰতিনিধিয়ে কোনো ধৰণৰ সহায্য প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷ অঞ্চলটোৰ লোকৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক কিছু সাহায্য বিতৰণৰ অৰ্থে, সোমবাৰে অঞ্চলটোত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত ৷ আমগুৰি নগত ব্লক কংগ্ৰেছৰ উদ্যোগত সেই অঞ্চলৰ লোকসকলৰ মাজত নেত্ৰী গৰাকীয়ে বিতৰণ কৰিলে খাদ্য সামগ্ৰী ৷

লগতে পঢ়ক: কৰ’ণাত আক্ৰান্ত দিছপুৰৰ বিধায়ক অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.