ETV Bharat / state

আধাশিলা স্থাপনতে মেৰামতি সমাপ্ত নাজিৰা আলিৰ - ETV_ASSAM

২০১৮ চনৰ ২৮ আগষ্টতে তপন গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল পথটোৰ  কিন্তু 11 মাহ পাৰ হোৱাৰ পাচতো সম্পূৰ্ণ নহ'ল ১৪ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটোৰ মেৰামতি ৷

পথটোৰ মেৰামতিৰ বাবদ ধাৰ্য কৰা হৈছিল 764.93 লাখ টকা
author img

By

Published : Jul 25, 2019, 7:38 PM IST

Updated : Jul 25, 2019, 8:05 PM IST

  • নাজিৰা আলিত জ্বলা-কলা খাইছে নাজিৰাবাসীয়ে
  • ২০১৮ চনৰ ২৮ আগষ্টতে তপন গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল পথটোৰ
    আধাশিলা স্থাপনতে মেৰামতি সমাপ্ত নাজিৰা আলিৰ
  • কিন্তু 11 মাহ পাৰ হোৱাৰ পাচতো সম্পূৰ্ণ নহ'ল ১৪ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটোৰ মেৰামতি
  • পথটোৰ মেৰামতিৰ বাবদ ধাৰ্য কৰা হৈছিল 764.93 লাখ টকা
  • ঠিকাদাৰ আৰু গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবে মেৰামতি নহ'ল পথটো
  • প্ৰতিকূল বতৰৰ বাবে পথটোৰ মেৰামতি সম্ভৱ হোৱা নাই বুলি প্ৰকাশ কাৰ্যবাহী অভিযন্তা সৌৰভ গগৈৰ

  • নাজিৰা আলিত জ্বলা-কলা খাইছে নাজিৰাবাসীয়ে
  • ২০১৮ চনৰ ২৮ আগষ্টতে তপন গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল পথটোৰ
    আধাশিলা স্থাপনতে মেৰামতি সমাপ্ত নাজিৰা আলিৰ
  • কিন্তু 11 মাহ পাৰ হোৱাৰ পাচতো সম্পূৰ্ণ নহ'ল ১৪ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটোৰ মেৰামতি
  • পথটোৰ মেৰামতিৰ বাবদ ধাৰ্য কৰা হৈছিল 764.93 লাখ টকা
  • ঠিকাদাৰ আৰু গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবে মেৰামতি নহ'ল পথটো
  • প্ৰতিকূল বতৰৰ বাবে পথটোৰ মেৰামতি সম্ভৱ হোৱা নাই বুলি প্ৰকাশ কাৰ্যবাহী অভিযন্তা সৌৰভ গগৈৰ
Intro:লোকসভা নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা কৰা শিৱসাগৰ নাজিৰা পথৰ দুৰৱস্থা:নিবিদা হোৱাৰ পাছতো ঠিকাদাৰ আৰু গৰকাপ্তানীৰ গাফিলতিৰ বাবে নিৰ্মান হোৱা নাই পথ:চৰকাৰী ফিছাৰীলৈ পৰিৱৰ্তন হৈছে পথ:যাতায়তৰ অনুপযোগী হৈ পৰা পথৰ বাবে ৰাইজে ভোগ কৰিছে যমৰ যাতনা।

Story-PATHETIC_ROAD
Ananta Smith
Sivasagar
25th July

A_SVR_25TH_JULY_803-806_PATHATIC_ROAD_7203499

শিৱসাগৰ নগৰৰ মাজমজিয়াৰ এটা গুৰুত্বপূৰ্ণ পথ।শিৱসাগৰ নগৰৰ পৰা নাজিৰা সংযোগী এইটো নাজিৰা আলি।এই পথৰ অৱস্থা বৰ্তমান অতি শোচনীয়।পথত গাত নে গাতত পথ এই লৈ ৰাইজ বাৰুকৈয়ে বিপাঙত পৰিছে।১৪ কিলোমিটাৰ দৈৰ্ঘৰ এই পথৰ আধাৰ শিলা বিগত বছৰৰ আগষ্ট মাহত সেই সময়ৰ গড়কাপ্তানী মন্ত্ৰী তপন গগৈয়ে কৰিছিল।আধাৰ শিলা কৰাৰ ১১ টা মাহৰ পাছতো পথটিৰ নিৰ্মান অথবা মেৰামতি নকৰাত এতিয়া পথটি চৰকাৰী ফিছাৰীলৈ পৰিৱৰ্তিত হৈছে।

Body:লোকসভা নিৰ্বাচনৰ পূৰ্বে মাত্ৰ ভোটাৰ অংকত আধাৰশিলা কৰা পথটিৰ অৱস্থা অতি জৰাজীৰ্ণ হৈ পৰিছে।

এই ফলক খনলৈ মন কৰক ২০১৮ চনৰ ২৮ আগষ্টত শিৱসাগৰ নাজিৰা সংযোগী পথৰ পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি আধাৰশিলা কৰিছিল ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈয়ে ।

প্ৰায় ১৪ কিলোমিটাৰ দৈঘ্যৰ পথটো এছ, অ, পি,ডি ৰ ২০১৭-১৮ বৰ্ষৰ শিতানত প্রায় ৭ কোটি টকাৰ(৭৬৪.৯৩ লাখ) বাজেট ধায্য কৰা হৈছিল।

লোকসভা নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণৰ মন জয় কৰিবলৈ ৰাজকীয় ভাবে আধাৰশিলা কৰা পথটোৰ নিৰ্মান অতি লেহেমীয়া হোৱাত সম্প্ৰতি শিৱসাগৰ নগৰৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লগা হৈছে।

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ গধুৰ গধুৰ যান বাহনৰ লগতে নিতৌ শিৱসাগৰৰ পৰা নাজিৰা সোনাৰী ,নামৰূপ আদি অঞ্চললৈ হাজাৰ হাজাৰ বাহন-ব্যক্তি অহা যোৱা কৰা এই গুৰুত্বপূৰ্ণ পথে এতিয়া উদঙাইছে সোণোৱাল চৰকাৰৰ পৰিবৰ্ত্তন প্ৰকৃত স্বৰূপ।

শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বিদ্যালয়, টাউন হাইস্কুল,ONGC ৰ কাৰ্যালয় আদিকে ধৰি ভালেমান গুৰুত্ব পূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান আছে।ৰাইজৰ বাৰম্বাৰ অভিযোগৰ পাছতো গঁড়ৰ ছাল পিন্ধি থকা গড়কাপ্তানী বিভাগৰ গা লৰা নাই।বিভাগীয় ভাবে প্ৰতিকূল বতৰৰ বাবে পথটোৰ মেৰামতি নিৰ্মান সম্ভৱ হোৱা নাই বুলি প্ৰকাশ কৰিছে।আগষ্ট মাহৰ ভিতৰত বিভাগ টোৱে পথটি যাতায়তৰ উপযোগী কৰি তুলিব বুলি গড়কপ্তানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সৌৰভ গগৈয়ে প্ৰকাশ কৰিছে।

Bite 1&2 :ৰাইজ

Bite 3: সৌৰভ গগৈ/সহকাৰী কাৰ্যবাহী অভিযন্তা

Conclusion:লোকসভা নিৰ্বাচনৰ পূৰ্বে পথ আধাৰশিলা কৰি প্ৰলোভনৰ সস্তীয়া ৰাজনীতি কৰা ৰাজ্য চৰকাৰ খনে এই গুৰুত্বপূৰ্ণ পথটিৰ নিৰ্মাণৰ কাম কেতিয়া সম্পূৰ্ণ কৰিব সেই লৈ শিৱসাগৰৰ ৰাইজ গভীৰ ভাৱে উদ্বিগ্ন হৈ পৰিছে।
Last Updated : Jul 25, 2019, 8:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.