ETV Bharat / state

Packaged Drinking Water ব্যৱহাৰৰ আগত দহবাৰ ভাবক ! - জনস্বাস্থ্য

শিৱসাগৰত শুকুৰবাৰে পেকেজ খোৱাপানী উদ্যোগ সম্পৰ্কত উন্মোচিত হ'ল এক ভয়ংকৰ ছবি ৷ জিলা প্ৰশাসনৰ অভিযানত পোহৰলৈ আহিল কিদৰে অস্বাস্থ্যকৰ পৰিৱেশত চলি আছে বহু খোৱাপানী উদ্যোগ ৷

packaged drinking water industry running without document in sivsagar assam
আপুনিও বাৰু packaged drinking water ব্যৱহাৰ কৰে নেকি ?
author img

By

Published : Jul 9, 2021, 9:28 PM IST

শিৱসাগৰ, 9 জুলাই : ঘৰৰ বাহিৰলৈ ওলালেই প্ৰচণ্ড ৰ’দ অথবা বাহিৰৰ খাদ্যৰ সৈতে আপুনি প্ৰায়েই ব্যৱহাৰ কৰে পেকেজিং খোৱা পানী(packaged drinking water) ৷ সাধাৰণ পানীতকৈ বিশুদ্ধ বুলি বহুলভাৱে সমাদৃত পেকেজিং খোৱা পানী সম্পৰ্কত শেহতীয়াকৈ শুকুৰবাৰে পোহৰলৈ আহিল এক বিস্ফোৰক ছবি ৷ শিৱসাগৰত বেআইনী ভাৱে কোনো নথি পত্ৰ বিহীনভাৱে চলি থকা পেকেজিং খোৱা পানী উদ্যোগৰ বিৰুদ্ধে শুকুৰবাৰে শিৱসাগৰ জিলা প্ৰশাসনে চলালে মাৰাথান অভিযান । জিলাখনত কাঠফুলাৰ দৰে বাঢ়ি অহা কেইবাটাও উদ্যোগ ছীল কৰিলে জিলা প্ৰশাসনে ।

উপযুক্ত প্ৰমানপত্ৰ তথা খোৱা পানীৰ উদ্যোগ স্থাপনৰ বাবে অনুৰূপ পৰিৱেশ নথকাৰ পাছতো চলি আছে এনে উদ্যোগ ৷ ইয়াৰ বিৰুদ্ধে প্ৰশাসন তথা খাদ্য আৰু অসামৰিক যোগান বিভাগে দীৰ্ঘ সময় ধৰি লাভ কৰি আহিছিল বহু ওজৰ আপত্তি ৷ ৰাইজৰ ওজৰ আপত্তি সমূহৰ প্ৰতি ধ্যান দি প্ৰশাসন তথা খাদ্য বিষয়াই চলোৱা অভিযানত পোহৰলৈ আহিছে জনস্বাস্থ্য সম্পৰ্কীয় বহু ভয়ংকৰ বিষয় ৷ অৱশ্যে, জিলা প্ৰশাসনে জনোৱা মতে, এই অভিযান অব্যাহত আছে আৰু সম্প্ৰতি 7 টাকৈ উদ্যোগ চীল কৰিছে প্ৰশাসনে ৷

আপুনিও বাৰু packaged drinking water ব্যৱহাৰ কৰে নেকি ?

উল্লেখযোগ্য যে, কোনো ধৰণৰ BSI CERTIFICATE, RADIO ACTIVE CERTIFICATE আৰু FSSAI CERTIFICATE নোহোৱাকৈ কিদৰে খোৱা পানীৰ এই উদ্যোগ সমূহ গঢ় লৈছে তাৰ কোনো উত্তৰ নাই বিভাগৰ হাতত ।

ৰাজ্যত বিয়াগোম খাদ্য আৰু অসামৰিক যোগান বিভাগ থকাৰ পাছতো কি ধৰণে এই সমূহ উদ্যোগ বাধাহীনভাৱে কোনো নথি পত্ৰ নোহোৱাকৈ ইমান দিন চলি আছিল সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, শিৱসাগৰৰ প্ৰায় ৩০টা উদ্যোগৰ ভিতৰত মাত্ৰ ৯ টা উদ্যোগৰ গৰাকীৰ হাতত হে মজুদ আছে যাৱতীয় নথি পত্ৰ ৷ আশ্চৰ্যজনকভাৱে টিঙৰ চালি আৰু শৌচাগাৰৰ টেংকীৰ ওপৰতে বহুজনে চলাই আছিল খোৱাপানীৰ উদ্যোগ ।
লগতে পঢ়ক : কাজিৰঙাত দুই ঢেকীয়াপতীয়াৰ জলকেলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.