ETV Bharat / state

বৰপেটাৰ 80 বছৰীয়া বৃদ্ধৰ ব্যতিক্ৰমী পদক্ষেপ - ঢলা-শদিয়া

80 বছৰীয়া এগৰাকী বৃদ্ধ ৷বয়সে মানুহজনক আঁচোৰ মাৰিছে যদিও মনটো দুৰ্বল কৰিব পৰা নাই ৷ বৰপেটা জিলাৰ সৰভোগৰ ৰজনীকান্ত ৰায়ে উজনি অসম ভ্ৰমণ কৰাৰ উদ্দেশ্যে চাইকেলখনক লগৰী কৰি লৈ ভ্ৰমণ কৰিছে ইখনৰ পিছত আনখন জিলা ৷

OLD MAN WITH CYCLE
বৰপেটাৰ 80বছৰীয়া বৃদ্ধৰ ব্যতিক্ৰমী পদক্ষেপ
author img

By

Published : Dec 21, 2020, 11:53 AM IST

Updated : Dec 21, 2020, 12:20 PM IST

শিৱসাগৰ,21ডিচেম্বৰঃ 80 বছৰীয়া এগৰাকী বৃদ্ধ ৷ বয়সে মানুহজনক আঁচোৰ মাৰিছে যদিও মনটো দুৰ্বল কৰিব পৰা নাই ৷ পৰা নাই শৰীৰৰ শক্তি কমাব ৷ বৰপেটা জিলাৰ সৰভোগৰ বৃদ্ধ গৰাকীৰ নাম ৰজনীকান্ত ৰায় ৷ উজনি অসম ভ্ৰমণ কৰাৰ উদ্দেশ্যে চাইকেলখনক লগৰী কৰি লৈ ভ্ৰমণত ওলায় ৰজনীকান্ত ৰায় ৷ যোৱা 6 ডিচেম্বৰত সৰভোগৰ পৰা চাইকেলেৰে লৈ ইখনৰ পিছত সিখন জিলা পাৰ কৰি বৃদ্ধগৰাকী দেওবাৰে নিশা উপস্থিত হয় শিৱসাগৰত ৷

বৰপেটাৰ 80 বছৰীয়া বৃদ্ধৰ ব্যতিক্ৰমী পদক্ষেপ

একালৰ আহোম ৰাজধানী শিৱসাগৰ দৰ্শন কৰি ৰজনীকান্ত ৰায়ে পুৱাই তিনিচুকীয়ালৈ যাত্ৰা কৰে ৷ তিনিচুকীয়াত টিলিঙা মন্দিৰ দৰ্শন কৰাৰ লগতে ঢলা-শদিয়াৰ দলং দৰ্শন কৰি পুনৰ উভতি যাব সৰভোগলৈ ৷

আনহাতে ৰজনীকান্ত ৰায়ৰ এই যাত্ৰা বিশেষ ব্যতিক্ৰম নহ'লেও সকলোৱে শলাগ লৈছে ৷ 80 বছৰীয়া বৃদ্ধগৰাকীৰ হাজাৰ কিলোমিটাৰ চাইকেল ভ্ৰমণ নৱপ্ৰজন্মৰ বাবেও এক উৎসাহৰ বিষয় ৷

লগতে পঢ়কঃ কৰিমগঞ্জৰ বিস্কুট বেকাৰী কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated : Dec 21, 2020, 12:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.