ETV Bharat / state

Illegal liquor sell: চুলাই বেপাৰীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৃদ্ধ

author img

By

Published : Feb 4, 2023, 3:59 PM IST

শিৱসাগৰ জিলাত প্ৰান্তে প্ৰান্তে অব্যাহত আছে চুলাই মদৰ অবাধ বেহা ৷ চুলাই বেপাৰীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী বৃদ্ধ লোক (Old man injured of beaten by liquor seller) ৷

Old man injured of beaten by liquor seller
চুলাই বেপাৰীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৃদ্ধ

আমগুৰি, ৪ ফেব্ৰুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে চুলাইৰ অবৈধ বিক্ৰীৰ ঘটনা (Beaten accident at Gourisagar) ৷ শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ মাহমৰা খনিকৰত অবৈধ চুলাই ব্যৱসায়ীৰ বিৰুদ্ধে শনিবাৰে স্থানীয় লোকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protest against liquor selling)।

শুকুৰবাৰে সন্ধিয়া মাহমৰা খনিকৰ গাঁৱত থকা এটা চুলাইৰ ভাটিত এগৰাৰী বৃদ্ধ লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ ঘটনা সংঘটিত হৈছে (Old man injured of beaten by liquor seller) ৷ দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চুলাই ব্যৱসায়ৰে সামাজিক পৰিৱেশ বিনষ্ট কৰি অহা চুলাই বেপাৰী চুনু নামৰ এজন ব্যৱসায়ীয়ে জয়ৰাম ফুকন নামৰ এজন ষাঠিৰ উৰ্দ্ধৰ ব্যক্তিক আক্ৰমণ কৰে ।

ঘটনা অনুসৰি লোকজনে গৰুহাল বিচাৰি নোপোৱাত এৰালৰ পৰা আনিবলৈ বুলি যাওঁতে চুনুৰ ভাটিৰ ওচৰলৈ যায় ৷ কিন্তু তাতে গৰুৰ সন্দৰ্ভত তৰ্ক বিতৰ্কত লিপ্ত হয় দুয়োজন লোক ৷ এই কাজিয়াই চৰম ৰূপ লোৱাত চুনুৱে বৃদ্ধ লোকজনক মূৰত প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে ৷ লগে লগে ঘটনাস্থলীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

স্থানীয় লোকে আঘাতপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ জয়সাগৰ হাস্পতালত ভৰ্তি কৰে ৷ বৃদ্ধ লোকজনৰ মূৰত ১৬ টাকৈ চিলাই পৰে ৷ এই ঘটনাৰ পিছতে উত্তেজিত লোকে চুলাই বেপাৰী চুনুৰ অবৈধ চুলাই ঘাটি উচ্ছেদ কৰে। নদীৰ কাষত থকা চুলাই ভাটিটোত নিশাই একাংশ লোকে হাতত দা-কুঠাৰ লৈ উচ্ছেদ কৰে।

ঘটনাৰ পিচতে ঘটনাস্থলীত গৌৰীসাগৰ আৰু আমগুৰি আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা চুনুৰ লগতে বহুকেইটা চুলাই বেপাৰীয়ে চুলাই প্ৰস্তুত কৰি অঞ্চলটোৰ সামাজিক বাতাবৰণ ধ্বংস কৰি আহিছে ৷

ইয়াৰ পূৰ্বে গৌৰীসাগৰ আৰক্ষীয়ে মাহমৰা খনিকৰত দুবাৰকৈ চুলাই ভাটি উচ্ছেদ অভিযান চলাইছিল যদিও চুলাই ব্যৱসায়ীয়ে প্ৰশাসনক আংগুস্থ প্ৰদৰ্শন কৰি চুলাইৰ ৰমৰমীয়া বেহা চলাই আহিছে ৷ সম্প্ৰতি অঞ্চলটোত তীব্ৰ উত্তেজনাময় পৰিৱেশেৰ সৃষ্টি হৈছে ৷ স্থানীয় লোকে প্ৰশাসনক শীঘ্ৰে এই চুলাই ভাটিসমূহ উচ্ছেদ কৰিবলৈ দাবী জনাইছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী জয়ৰাম ফুকনে আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে (FIR against liquor seller)।

লগতে পঢ়ক: Operation against Child marriage: জিলাই জিলাই বাল্যবিবাহৰ বিৰুদ্ধে অভিযান; আৰক্ষীৰ জালত দুই সহস্ৰাধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.