ETV Bharat / state

লক্ ডাউন : সহায়ৰ প্ৰতিশ্ৰুতি ৰখাত ব্যৰ্থ শিৱসাগৰ আৰক্ষীৰ ! - lock down

দেশত এতিয়া সর্বত্রে লক ডাউন। এই সময়ছোৱাত ৰাইজক ঘৰৰ পৰা ওলোৱাত জাৰি কৰা হৈছে নিষেধাজ্ঞা । বিভিন্ন ঠাইথত দোকান-পোহাৰ আদি সম্পূৰ্ণৰূপে বন্ধ পৰাত নিত্য প্ৰয়োজনীয় সামগ্ৰী আৰু জৰুৰী ঔষধ বিচাৰি হাবাথুৰি খাব লগীয়া হৈছে অকলশৰে থকা একাংশ বয়োজ্যেষ্ঠ লোকে। শিৱসাগৰ জিলাত এই লোক সকলক সহায় কৰিবলৈ আগুৱাই আহাৰ কথা ঘোষণা কৰিছিল জিলা আৰক্ষীয়ে । ফেচবুকৰ জৰিয়তে পোষ্ট দিছিল শিৱসাগৰ আৰক্ষীয়ে ৷

old couple become helpless due to lock down

author img

By

Published : Apr 8, 2020, 4:38 PM IST

শিৱসাগৰ, 8 এপ্ৰিল : লক্ ডাউনৰ সময়ত যি সকল বয়োজেষ্ঠ লোক ঘৰত অকলে আছে অথবা যাৰ সন্তান বৈবাহিক সূত্ৰে বা চাকৰিৰ বাবে বাহিৰত আছে, তেওঁলোকক সহায়ৰ প্ৰতিশ্ৰুতি দিছিল শিৱসাগৰ আৰক্ষীয়ে ৷ সেইসকল লোকক অতি জৰুৰী সেৱাৰ বাবে বা অন্য কিবা প্ৰয়োজনত যোগাযোগৰ বাবে শিৱসাগৰ আৰক্ষীয়ে কেইটামান ফোন নম্বৰ যোগান ধৰিছিল ৷ ফোন নাম্বাৰ কেইটা আছিল ০৩৭৭২-২২২৮০১ আৰু ৯৪৩৫৫০০৫৯৭ অথবা ৯৪৩৫৭২৯০১৪ ৷ কিন্তু বাস্তব ছবিখন ওলোটাহে পৰিলক্ষিত হ'ল । সেই নম্বৰ কেইটাত ফোন কৰিলে আৰক্ষীয়ে সহায় কৰিব নোৱাৰে বুলি কয় । এনে অভিজ্ঞতাৰ সন্মুখীন হ'ল ৰোগীয়া পত্নীৰ সৈতে অকলশৰে বাস কৰা শিৱসাগৰৰ এজন লোক ৷

সহায়ৰ প্ৰতিশ্ৰুতি ৰখাত ব্যৰ্থ শিৱসাগৰ আৰক্ষীৰ
শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰূপহী মঠাদাঙৰ নিৱাসী ৬৬ বছৰীয়া মঙলা গগৈ উচ্চ মধুমেহ ৰোগত আক্ৰান্ত । এটা দিনত তিনিবাৰকৈ ইনচুলিন ব্যৱহাৰ কৰা ব্যক্তি গৰাকীৰ জৰুৰী ঔষধ শেষ হোৱাত তেওঁ শিৱসাগৰ আৰক্ষীৰ হেল্প লাইন নাম্বাৰত ফোন কৰিছিল । কিন্তু আৰক্ষীৰ উত্তৰ আছিল হতাশ জনক ৷ আৰক্ষীয়ে স্পষ্টভাবে সহায় কৰিব নোৱাৰে বুলি জনাইছিল। উল্লেখযোগ্য যে বৃদ্ধ দম্পত্তিৰ এটা সন্তানো তেওঁৰ লগত নেথাকে । অৱশেষত দম্পত্তিৰ এগৰাকী কন্যাই তেওঁৰ এগৰাকী সাংবাদিক বন্ধুক এই সমস্যা সন্দৰ্ভত অবগত কৰে। বিষয়টিৰ গুৰুত্ব অনুভৱ কৰি সাংবাদিক ববিতা ভৰালীয়ে নিজা উদ্যোগত ঔষধ সংগ্ৰহ কৰি বৃদ্ধ দম্পত্তিক যোগান ধৰে । এই ঘটনা পোহৰলৈ অহাৰ পাচত শিৱসাগৰ আৰক্ষীয়ে চ'ছিয়েল মিডিয়াত বা বা ল'বৰ বাবেই বয়োজ্যেষ্ঠ সকলক সহায় কৰিব বুলি পোষ্ট দিছিল নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে ৷ লক্ ডাউনৰ সময়ত কর্তব্যৰত আৰক্ষীয়ে যি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি জনতাৰ সুৰক্ষাৰ বাবে যুঁজ দিছে তাত কাৰো দ্বিমত নাই ৷ কিন্তু এনে কিছুমান ঘটনাই গোটেই বিভাগটোকে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে । আনহাতে কেৱল লাইক কমেন্টৰ আশাতহে আৰক্ষীয়ে চ'ছিয়েল মিডিয়াত সমাজ দৰদী হোৱাৰ ভাও জুৰিছে নেকি বুলিও বহুতে প্ৰশ্ন উত্থাপিত কৰিছে ৷ লগতে পঢ়ক : বটদ্ৰৱাত আৰ্তজনৰ ত্ৰাণকৰ্তাৰ ৰূপত দেবেন আতৈ..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.