ETV Bharat / state

ৰূপজ্যোতি কুৰ্মীক প্ৰয়োজন নাই বিজেপিত : সাংসদ কামাখ্যা প্ৰসাদ তাচা

ঈশ্বৰে মংগল কৰক ৰূপজ্যোতি কুৰ্মীক । ৰূপজ্যোতি কুৰ্মীক প্ৰয়োজন নাই বিজেপিত আমগুৰি বিজেপিৰ সংগঠন পৰ্ব-সদস্যতা অভিযান সভাত এই মন্তব্য কামাখ্যা প্ৰসাদ তাচাৰ ৷

author img

By

Published : Jul 7, 2019, 12:04 PM IST

ঈশ্বৰে মংগল কৰক ৰূপজ্যোতি কুৰ্মীক

আমগুৰি, ৭ জুলাই : মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপি আগমন সম্পৰ্কত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ প্ৰতিক্ৰিয়া ৷ ঈশ্বৰে মংগল কৰক ৰূপজ্যোতি কুৰ্মীক । তেওঁৰ দৰে নেতাৰ প্ৰয়োজন নাই বিজেপিত । মৰিয়নীত কুৰ্মীৰ দৰে বহু নেতাই আছে বিজেপিত ৷ আমগুৰিৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত বিজেপিৰ সংগঠন পৰ্ব-সদস্যতা অভিযান সভাত অংশগ্ৰহণ কৰি এনেদেৰেই কুৰ্মীৰ আগমনক বিৰোধিতা কৰে তাচাই ৷ লগতে তেওঁ কয় যে, কুৰ্মীৰ এইয়া হতাশাগ্ৰস্ততাৰ লক্ষণ ৷ ইমানদিনে বিজেপিক বেয়া বুলি কোৱা কুৰ্মীয়ে এতিয়া বিজেপি ভাল বুলি ক'বলৈ বাধ্য হ'ল ৷

ঈশ্বৰে মংগল কৰক ৰূপজ্যোতি কুৰ্মীক

আমগুৰি ৰাজহুৱা ভৱনত অনুষ্ঠিত বিজেপিৰ সংগঠন পৰ্ব-সদস্যতা অভিযানৰ এই সভাতে প্ৰয়াত জননেতা তথা আমগুৰি বিধানসভা সমষ্টিক তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰা প্ৰয়াত বিধায়ক খগেন বৰবৰুৱাৰ কনিষ্ঠ কন্যা কস্তুৰী বৰবৰুৱা কলিতাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।
লগতে সদৌ অসম ছাত্ৰ সন্থাৰ বহুকেইগৰাকী বিষয়ববীয়াই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । বিজেপিৰ গৌৰীসাগৰ মণ্ডলৰ সভাপতি অৰুণ বৰাই সভাপতিত্ব কৰা এই সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল কটকী, শিৱসাগৰ মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা ভৰালীও উপস্থিত থাকে ।

Intro:Body: Samiran Duarah
Amguri
7/7/19

আমগুৰি, ৭ জুলাই:
ঈশ্বৰে মংগল কৰক ৰূপজ্যোতি কূৰ্মীক। ৰূপজ্যোতি কূৰ্মীৰ দৰে নেতা বিজেপিত প্ৰয়োজন নাই। মোক আধা পাগল বুলি কৈছিল। এই মন্তব্য ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ।

আমগুৰি বিজেপিৰ সংগঠন পৰ্ব-সদস্যতা অভিযান সভাত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই কয় যে ৰূপজ্যোতি কূৰ্মীৰ দৰে নেতা মৰিয়ণিত বহুত আছে। ৰূপজ্যোতি কূৰ্মীৰ এইয়া হতাশগ্ৰস্থতাৰ লক্ষণ। অৱশেষত কূৰ্মীৰ self relation আহিল। ক'বলৈ বাধ্য হল বিজেপি ভাল।

আমগুৰি ৰাজহুৱা ভৱনত অনুষ্ঠিত বিজেপিৰ সংগঠন পৰ্ব-সদস্যতা অভিযান সভাতে প্ৰয়াত জননেতা তথা আমগুৰি বিধানসভা সমষ্টিক তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰা প্ৰয়াত খগেন বৰবৰুৱাৰ কণিষ্ঠ কন্যা কস্তুৰী বৰবৰুৱা কলিতাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।

ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু আমগুৰি গৌৰীসাগৰ মণ্ডলৰ সহযোগত আমগুৰিত বিজেপিৰ সংগঠন পৰ্ব-সদস্যতা অভিযান সভাৰ শুভাৰম্ভণি অনুষ্ঠানতে কস্তুৰী বৰবৰুৱাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ বহুকেইগৰাকী বিষয়ববীয়াই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বিজেপিৰ গৌৰীসাগৰ মণ্ডলৰ সভাপতি অৰুণ বৰাই পৌৰোহিত্য কৰা সভাতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল কটকী, শিৱসাগৰ মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা ভৰালী, আমগুৰি গ্ৰাম্য মণ্ডলৰ সভাপতি বীৰেন গুৱালা, আমগুৰি পৌৰসভাৰ পৌৰপতি জ্যোতি প্ৰসাদ গগৈ, আমগুৰি নগৰ মণ্ডলৰ সভাপতি নৰেন কলিতা উপস্থিত থাকে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.