ETV Bharat / state

ক'ভিড প্ৰট'কলে ঢুকি পোৱা নাই আমগুৰিৰ বজাৰ - সংক্ৰমণ বৃদ্ধিৰ ভয়াৱহ সম্ভাৱনীয়তা

ক’ভিডৰ নীতি-নিৰ্দেশনাই ঢুকি পোৱা নাই আমগুৰিৰ দৈনিক আৰু সাপ্তাহিক বজাৰ ৷ বহু সংখ্যক লোকে ভংগ কৰিছে প্ৰশানৰ ক’ভিড সম্পৰ্কীয় নীতি-নিয়ম ৷

no covid protocol in markets of amguri
ক'ভিড প্ৰট'কলে ঢুকি পোৱা নাই আমগুৰিৰ বজাৰ
author img

By

Published : May 8, 2021, 6:07 PM IST

আমগুৰি, ৮মে’ : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । ৰাজ্যৰ অইন প্ৰান্তৰ লগতে আমগুৰিতো দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা । কিন্তু, ইয়াৰ বিপৰীতে দৈনিক আৰু সাপ্তাহিক বজাৰ বিলাকত ক’ভিডৰ নিৰ্দেশনা সুচাৰু ৰূপত মানি চলা দেখা নাযায় আমগুৰিৰ বহু সংখ্যক লোকক ।

ক'ভিড প্ৰট'কলে ঢুকি পোৱা নাই আমগুৰিৰ বজাৰ

উল্লেখযোগ্য যে, ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা । ৰাজ্য চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি দিনৰ 2 বজাৰ পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ লগতে সকলো ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । কিন্তু, শেহতীয়া নিৰ্দেশনাই ঢুকি পোৱা নাই দৈনিক আৰু সাপ্তাহিক বজাৰসমূহ । আমগুৰিৰ বিভিন্ন এলেকাত দৈনিক কেইবা শতাধিক লোকৰ সমাৱেশেৰে চলি আহিছে এই সমূহ বজাৰ ।

ক'ৰণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ আৰু আমগুৰি প্ৰশাসনে ক’ভিড বিধি মানি চলিবলৈ সজাগতা বৃদ্ধি কৰাৰ সময়তে বজাৰৰ এনেবিলাক দৃশ্যই ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ ভয়াৱহ সম্ভাৱনীয়তা কঢ়িয়াই লৈ আনিছে ৷

লগতে পঢ়ক: দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.