ETV Bharat / state

Historic Ajapeer Dargah: চাৰি বছৰৰ অন্তত গঠিত পৰিচালনা সমিতিক লৈ অসন্তুষ্টি একাংশৰ - ঐতিহাসিক আজানপীৰ দৰগাহ

চাৰি বছৰৰ অন্তত গঠন হয় আজানপীৰ দৰগাহৰ নতুন পৰিচালনা সমিতি (New managing committee of historic Ajapeer Dargah) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে গঠন হয় নতুন পৰিচালনা সমিতি ৷ তীব্ৰ বাক-বিতণ্ডাৰ মাজতে আমগুৰিৰ নাবাৱ মোস্তাকিম আলীক সম্পাদক আৰু জ্যেষ্ঠ অধিবক্তা, দিখৌমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য আলহাজ হাৰুন ওল ৰচিদক সভাপতি হিচাপে লৈ নতুন পৰিচালনা সমিতি গঠন কৰা হয় (Ajanpeer Dargah in Sivsagar)।

Historic Ajapeer Dargah
Historic Ajapeer Dargah
author img

By

Published : Nov 28, 2022, 7:36 AM IST

আমগুৰি, 27 নৱেম্বৰ : শিৱসাগৰ জিলাৰ ঐতিহাসিক আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতি (Historic Ajapeer Dargah)। দুটা পক্ষৰ তীব্ৰ বাক-বিতণ্ডা আৰু টনা-আজোৰাৰ মাজেৰে সম্পন্ন হয় সাধাৰণ সভা ৷ চাৰি বছৰৰ অন্তত গঠন হয় আজানপীৰ দৰগাহৰ নতুন পৰিচালনা সমিতি ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে গঠন হয় নতুন পৰিচালনা সমিতি ৷

২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত দুটা পক্ষই তৰা গোচৰৰ অন্তত পৰিচালনা সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছিল । আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ উপস্থিতিত গঠন হোৱা পৰিচালনা সমিতিক লৈ সন্তুষ্ট নহয় একাংশ লোক ৷ যোৰহাট, দেৰগাঁও, গোলাঘাট, নাহৰণিৰ পৰা অহা প্ৰতিনিধিক গুৰুত্ব নিদিয়াৰ অভিযোগ ৷

চাৰি বছৰৰ অন্তত গঠিত পৰিচালনা সমিতিক লৈ অস্তুষ্টি একাংশৰ

ৰাজনৈতিকভাৱে পৰিচালিত হৈ আজানপীৰ দৰগাহৰ পৰিচালনা সমিতি গঠন হোৱাৰ অভিযোগ আনিছে বিভিন্ন জিলাৰ প্ৰতিনিধিয়ে । সভাপতি আৰু সম্পাদক নিৰ্বাচনত দ্বিমত নাই যদিও বিভিন্ন জিলাৰ প্ৰতিনিধিক মূল সমিতিত সদস্য অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে একাংশই (New managing committee of historic Ajapeer Dargah)।

শিৱসাগৰ জিলাকেন্দ্ৰিক আজানপীৰ দৰগাহৰ পৰিচালনা সমিতি গঠন হোৱাৰ অভিযোগ আনি নতুনকৈ গঠন হোৱা পৰিচালনা সমিতিক লৈ সন্তুষ্ট নহয় বুলি প্ৰকাশ কৰে আন জিলাৰ সদস্যসকলে (Ajanpeer Dargah in Sivsagar) । অৱশ্যে তীব্ৰ বাক-বিতণ্ডাৰ মাজতে আমগুৰিৰ নাবাৱ মোস্তাকিম আলীক সম্পাদক আৰু জ্যেষ্ঠ অধিবক্তা, দিখৌমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য আলহাজ হাৰুন ওল ৰচিদক সভাপতি হিচাপে লৈ নতুন পৰিচালনা সমিতি গঠন কৰা হয় ।

অৱশ্যে একাংশই অসন্তুষ্টি ব্যক্ত কৰিলেও বিধায়ক প্ৰদীপ হাজৰৰিকাই কয় যে, এই সমিতিখনেই আগন্তুক দিনত দৰগাহ পৰিচালনা কৰিব ৷ লগতে চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱা হ’ব বুলিও তেওঁ সদৰী কৰে ৷

লগতে পঢ়ক: The seventh string: বঙাইগাঁৱত "দ্যা ছেভেন্থ ষ্ট্ৰিং"ৰ প্ৰমোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.